বঙাইগাঁও, 2 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰত নাবাৰ্ডৰ সহায় আৰু বঙাইগাঁৱৰ অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জহা চাউল প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ এটা কাৰ্যালয় মুকলি কৰি কৰা হয় ৷ কাৰ্যালয়টো মুকলি কৰাৰ পাছতে অনুষ্ঠিত হয় এখন সভাও ৷ লক্ষেশ্বৰ ৰায়ে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে বৰপেটাৰ জিলা কৃষি বিভাগৰ উপ-সঞ্চালক গৰাকী ।
লক্ষেশ্বৰ ৰায়ে সভাপতিত্ব কৰা মুকলি অনুষ্ঠানৰ এই সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও জিলাৰ নাবাৰ্ড প্ৰৱন্ধক ইলাৰাম ডেউৰী, বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া চিন্ময় শৰ্মা, চিৰাং বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী চন্দন ডেকা আৰু বঙাইগাঁও সদৰৰ এছডিঅ’ অপল দাস ।
মাণিকপুৰত কৃষি বিভাগৰ কাৰ্যালয়ৰ উদ্ধোধন লগতে পঢ়কঃ বাগান এখন কিন্তু মালিক দুজনঃ বিতৰ্কত লাহৰিজান চাহ বাগিছা
সভাত আমন্ত্ৰিত অতিথি সকলে কৃষিক্ষেত্ৰৰ বিভিন্ন ধৰণৰ সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে উল্লেখ কৰে যে, মাণিকপুৰত আজি যিটো কাৰ্যালয় মুকলি কৰা হ’ল, ইয়াৰ দ্বাৰা কৃষক সকলে বিভিন্ন প্ৰকাৰে উপকৃত হ’ব । ইয়াৰ লগতে কৃষক সকলে সংঘবদ্ধ ভাৱে উৎপাদিত সামগ্ৰী, সাৰ, কীটনাশক দ্ৰব্য কৃষিৰ লগত জড়িত বিভিন্ন ধৰণৰ সা-সঁজুলি ক্ৰয়-বিক্ৰয় কৰাৰ ক্ষেত্ৰতো সহায় লাভ কৰিব ।
আনহাতে সভাত উপস্থিত থকা সমল ব্যক্তি সকলে উল্লেখ কৰে যে, ভাৰত চৰকাৰে পাঁচ বছৰত দহ হাজাৰ চৰকাৰী অনুজ্ঞাপত্ৰৰে ট্ৰাষ্ট গঠন কৰি কৃষিৰ যি আমূল পৰিৱৰ্তনৰ ব্যৱস্থা কৰিছে, তাৰেই বিকল্প হিচাপে বঙাইগাঁও জিলাত চাৰিটাকৈ কোম্পানী খোলাৰ সিদ্ধান্ত লৈ আজি মাণিকপুৰত এই কাৰ্যালয় মুকলি কৰা হৈছে ।
এই কাৰ্যালয়ৰ জৰিয়তে কৃষক সকলে নিজৰ নাম পঞ্জীয়ন কৰি চৰকাৰী সকলো সা-সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে এই কাৰ্যালয়ত সকলো কৃষকৰে সমান অধিকাৰ থকাৰ লগতে নাবাৰ্ডৰ পৰা অহা সকলো সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি সভাত উপস্থিত থকা বিষয়ববীয়া সকলে উল্লেখ কৰে ।
লগতে পঢ়কঃ কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত আঁৰি থব লাগিব "we are all vaccinated" ফলক: স্বাস্থ্যমন্ত্ৰী