নিউজ ডেক্স , 14 অক্টোবৰঃ সোমবাৰে অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদ দলে 35 বছৰত ভৰি দিলে ৷ অভয়াপুৰীত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বহু লোকে অগপত যোগদান কৰাৰ লগতে কংগ্ৰেছৰ পৰা পুনৰ অগপলৈ ঘুৰি আহিল প্ৰাক্তন অগপ নেতা জয়নাথ শৰ্মা ৷
অতুল বৰা- "অগপৰ ইতিহাস ঘাট- প্ৰতিঘাটৰ ইতিহাস ৷ ৰাইজৰ সহাঁৰিয়ে 14 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা সদস্য ভৰ্তি কাৰ্যসূচীৰ সময়সীমা বৃদ্ধি কৰিবলৈ উৎসাহ দিছে ৷ যিবোৰ উদ্দেশ্য লৈ দলটোৱে জন্মলাভ কৰিছিল, সেই সমূহ লক্ষ্যত দলটো উপনীত হ'ব পৰা নাই ৷ কিন্তু দলৰ লক্ষ্য বা আন্দোলনটোৰ লক্ষ্যসমূহত উপনীত হ'বলৈ হ'লে কেন্দ্ৰীয় চৰকাৰৰ সহায় লাগিব ৷ বৰ্তমান দলৰ মাজত কোনো মতানৈক্য নাই ৷ নতুনকৈ আৰু বহু সদস্যই দলত যোগদান কৰিব ৷ বিজেপি দলৰ পৰা নতুন সদস্যই অগপত যোগদান কৰাটো নিবিচাৰো ৷ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিপিএফৰ লগত অনানুষ্ঠানিকভাৱে আলোচনা হৈছে ৷ অতি সোনকালেই গঠন হ'ব অগপৰ ছাত্ৰ সংগঠন ৷"
কেশৱ মহন্ত- "অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত আঞ্চলিকতাবাদ তথা অগপ দলক পুনৰ উজ্জীৱিত কৰক অসমবাসী ৰাইজে ৷"
কুমাৰ দীপক দাস- "35 বছৰীয়া অভিজ্ঞতাৰে অগপ দলে অসমৰ স্বাৰ্থত এক নতুন প্ৰয়াসেৰে আগবাঢ়িব বিচাৰিছে ৷ বহু নতুন সদস্যৰ যোগদানে এই কথাই প্ৰমাণ কৰে যে অসমত আঞ্চলিকতাবাদৰ পতাকা বহু দিনলৈ উৰি থাকিব ৷"