অসম

assam

ETV Bharat / state

স্বাধীনতাৰ 73 বছৰ পাচত দুখন গাঁৱলৈ বিদ্যুৎ সংযোগ - বিদ্যুত সংযোগ

দেশৰ স্বাধীনতাৰ ৭৩ বছৰ পাচত বঙাইগাঁও জিলাৰ দুখন গাঁৱে লাভ কৰিলে বিজুলী বাতিৰ পোহৰ । উফুল্লিত গাঁওদুখনৰ লোক।

after 73 years two villages of bongaigaon got electricity
after 73 years two villages of bongaigaon got electricity

By

Published : Jul 9, 2020, 6:11 AM IST

চিৰাং, 8 জুলাই : দেশৰ স্বাধীনতাৰ ৭৩ বছৰৰ পাচত বঙাইগাঁৱৰ দুখন গাঁৱত জ্বলিল বিজুলী বাতি ৷ যাৰ বাবে গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হৈছে আনন্দৰ লহৰ ৷ হেঁপাহৰ বিদ্যুতৰ পোহৰ পায় গাঁও দুখনৰ মহিলাৰ মুখত জিলিকিছে হাঁহি ৷ বঙাইগাঁও চহৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত অৱস্থিত এই দুখন গাঁও ৷ ইমান বছৰে গাঁও দুখনত নাছিল কোনো বিদ্যুত সংযোগ ৷

ৰাইজৰ একমাত্ৰ ভৰষা কেৰাচিন তেলৰ চাকি,লেম্পৰ পোহৰ ৷ কেৰাচিনৰ অভাৱত কেতিয়াবা অন্ধকাৰতে কটাব লগা হৈছিল লোক সকলে ৷ বঙাইগাঁও বিধান সভা সমষ্টিৰ তথা চাপাৰাকাটা গাঁও পঞ্চায়তৰ এই দুখন গাঁও হ'ল চিটকাগাঁও(শালবাৰী) আৰু ভাওৰীয়াকাটা ৷

দুখন গাঁৱে লাভ কৰিলে বিজুলী বাতিৰ পোহৰ

বঙাইগাঁও বিদ্যুত সংমণ্ডলৰ অধীনত দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা আচঁনিৰ অধীনত বঙাইগাঁও জিলাৰ এই দুখন গাঁৱত যোগান ধৰা হৈছে বিদ্যুৎ সেৱা ৷ যুগ যুগ ধৰি গাঁৱৰ সাধাৰণ ৰাইজে বিদ্যুতৰ পোহৰ নেদেখাকৈ পাৰ কৰিলে গাঁৱত ৷ বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে বিদ্যুত যোগানৰ বাবে বহু কাকূতি-মিনতি কৰিলে তেওঁলোকে ৷ অৱশেষত বুধবাৰে ডিজিটেল যুগৰ এই সময়ত গাঁৱলৈ আহিল বিদ্যুতৰ যোগান ৷ জ্বলি উঠিল গাঁওদুখনৰ ঘৰে ঘৰে বিজুলী বাতি ৷ ঘৰে ঘৰে জ্বলিছে বিদ্যুৎ বিভাগে যোগান ধৰা পোহৰ ৷

স্বাধীনতাৰ 73 বছৰ পাচত গাঁৱলৈ বিদ্যুৎ সংযোগ

দীৰ্ঘদিনীয়া চেষ্টা আৰু সংগ্ৰামৰ অন্তত গাঁও দুখনত বিদ্যুত যোগান লাভ কৰাৰ পিচত গাঁৱৰ পুৰুষ-মহিলাৰ মুখত বিৰিঙিছে হাঁহি । উৎফুল্লিত হৈছে গাঁওবাসী । বিগত সময়ছোৱাত চৰকাৰ প্ৰশাসনৰ অৱহেলাৰ বাবে লাভ কৰা নাছিল বিদ্যুতৰ যোগান ।

লগতে পঢ়ক :নীতি-নিয়ম ভৰিৰে মোহাৰি ৰূপহীহাট সাপ্তাহিক বজাৰত জনসমাগম

ABOUT THE AUTHOR

...view details