গোৱালপাৰা,১৯ অক্টোবৰ :ৰাজ্যত অপৰাধ নিৰ্মূলৰ বাবে কঠোৰ পদক্ষেপ লৈছে অসম আৰক্ষীয়ে । বিগত প্ৰায় ১ বছৰত অপৰাধীৰ বিৰুদ্ধে কেইবাটাও এনকাউণ্টাৰ চলাইছে অসম আৰক্ষীয়ে (Assam police encounter)। আৰক্ষীৰ গুলীত নিহত হোৱাৰ লগতে আহত হৈছে বহু অপৰাধী । ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ এনে এনকাউণ্টাৰ চলি থকাৰ মাজতে বঙাইগাঁৱৰ যোগীঘোপাত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Bongaigaon)।
আৰক্ষীৰ জিম্মাত থকা আচামীয়ে ৰহস্যজনক আত্মহত্যা কৰাক লৈ তীব্ৰ উত্তেজনা যোগীঘোপাত (Mysterious death of man in Police station)। আব্দুল জব্বাৰ নামৰ আচামীজনে থানাৰ শৌচালয়ত চিপ লৈ আত্মহত্যা কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ যে, বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ লকআপৰ শৌচালয়ত নিশা প্ৰায় ৩:৩০ মান বজাত আব্দুল জব্বাৰ নামৰ আচামীগৰাকীয়ে ৰহস্যজনকভাৱে আত্মহত্যাক কৰে । জানিব পৰা মতে মঙলবাৰে গৰু চুৰিৰ ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰ নামৰ লোকজনক । তাৰ পাছতে যোগীঘোপা থানাত তেওঁ সোধা-পোছা কৰা হৈছিল । নিশা থানাৰ লকআপতে আছিল অভিযুক্ত জব্বাৰ ।