উত্তৰ অভয়াপুৰী, 26 জুলাই :ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে দেওবাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা (ABMSU) চমুকৈ এবিএমছুৰ বিজনী জিলা সমিতিৰ উদ্যোগত আৰু আলুখুন্দা আঞ্চলিক সমিতিৰ সহযোগত আলুখুন্দাত অৰ্ধনগ্ন প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈৰ মুক্তিৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৰ সদস্য সকলে ।
প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণতান্ত্ৰিক আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া অখিল গগৈক অসম চৰকাৰে কেইবাটাও গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে । প্ৰায় 8 মাহ অতিক্ৰম কৰাৰ পিচতো চৰকাৰ বা প্ৰশাসনে অখিল গগৈক মুকলি কৰি নিদিয়াৰ বাবে প্ৰতিবাদকাৰী ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।
এবিএমছুৰ জিলা সমিতিৰ সভাপতি মেহেদি হাছান মণ্ডলে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে,চৰকাৰে অখিল গগৈক ভয় কৰে । অসম আৰু অসমীয়া বিৰোধী চৰকাৰে গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে যাতে কোনেও গণতান্ত্ৰিক আন্দোলন কৰিব নোৱাৰে তাৰবাবে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে । যাৰবাবে 72 ঘণ্টাৰ ভিতৰত অখিল গগৈক মুক্তি দিব লাগে বুলি সভাপতি গৰাকীয়ে চৰকাৰক আহ্বান জনায় ।