বঙাইগাঁও,1 আগষ্ট: এবিএমছুৰ নেতা লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডই আজি 6 টা বছৰ অতিক্ৰম কৰিলে ৷ প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ মৃত্যুৰ দিনটোক এবিএমছুয়ে ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰে । মঙলবাৰে বিজনী এবিএমছুৰ উদ্যোগত পাণবাৰী আঞ্চলিক এবিএমছু সমিতিৰ সহযোগত ছাত্ৰ সংহতি দিৱস পালন কৰে ৷
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে এবিএমছুৰ কেইবাজনো শীৰ্ষ নেতৃত্বই ৷ ছাত্ৰ সংহতি দিৱস কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ছাদেক আলিৰ দাবী,’’ শীঘ্ৰে ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়ক ৷ বিটিচি প্ৰশাসন, অসম চৰকাৰে হত্যাকাৰীক শীঘ্ৰ গ্ৰেপ্তাক কৰি কঠোৰ শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি ক’ত গ’ল ! 6 টা বছৰে একো ফল নাপালো ৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ৷ 2025 চনত হ’ব লগা বিটিচিৰ নিৰ্বাচনত প্ৰমোদ বড়ো চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ব ৷’’