অসম

assam

ETV Bharat / state

বঙাইগাঁও জিলাত ৰণশিঙা বজালে সদৌ অসম ছাত্ৰ সন্থাই - বঙাইগাঁৱত কা বিৰোধী প্ৰতিবাদ

নাম প্ৰসংগ, গান-কবিতাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিলে বঙাইগাঁৱবাসীয়ে ৷ ৰাজ্য আৰু জাতিৰ লগত আপোচ কৰা সকলক ক্ষমা কৰা ন'হব বুলি মন্তব্য কৰিলে প্ৰতিবাদকাৰীসকলে ৷

AASU protest against caa in bongaigaon
গীত-কবিতা, নাম প্ৰসংগৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ বঙাইগাঁৱত

By

Published : Jan 9, 2020, 10:43 PM IST

বঙাইগাঁও , 9 জানুৱাৰীঃ সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বঙাইগাঁও জিলাত জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে ৰণশিঙা বজালে সদৌ অসম ছাত্ৰ সন্থাই ৷ বঙাইগাঁওবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সহযোগত ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদী অনুষ্ঠানটোত বঙাইগাঁৱৰ সহস্ৰাধিক ৰাইজৰ লগতে জিলাখনৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

গীত-কবিতা, নাম প্ৰসংগৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ বঙাইগাঁৱত

প্ৰতিবাদী অনুষ্ঠানটোৰ আৰম্ভ কৰা হয় নাম প্ৰসংগৰে ৷ শিল্পী সমাজৰ প্ৰতিবাদী গান, কবিতা আবৃত্তিৰে কোনোপধ্যেই বিতৰ্কিত বিধেয়কখন মানি নোলোৱাৰ কথা ঘোষণা কৰে প্ৰতিবাদকাৰী সকলে ৷ অসমৰ লগত আপোচ কৰা আৰু জাতিক ধ্বংস কৰিব খোজাসকলক অসমৰ সুযোগ্য সন্তান সকলে কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

লগতে পঢ়কঃCAAৰ সাংবিধানিক বৈধতা বিচাৰি কৰা আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details