উত্তৰ অভয়াপুৰী, ২০ ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত বৰইচালাত মানাহ নৈৰ ভয়ংকৰ খহনীয়াত দিশহাৰা হৈছে নৈপৰীয়া ।প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে নৈপৰীয়াৰ বাসগৃহ । যোৱা ৪৮ ঘন্টাত নৈৰ বুকুত জাহ গৈছে ২৫/২৬ টা পৰিয়ালৰ বাসগৃহ । তৎসত্বেও খবৰ ল’বলৈ আহৰি নাই বঙাইগাঁৱ জিলা প্ৰশাসনৰ লগতে বিধায়ক আব্দুল হাই নাগৰি, সাংসদ আব্দুল খালেকৰ ।
মানাহ নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন আমছুৰ - আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ
বৰৈচালাত মানাহ নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন আমছুৰ । শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী আমছুৰ ।
aamsu president visited eroded areas of bangaigaon
ই টিভি ভাৰতত বাতৰি প্ৰকাশ হোৱাৰ পাচতেই খহনীয়াগ্ৰস্ত অঞ্চলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত এটা সজাতি দল উপস্থিত হৈ খহনীয়া পৰিদৰ্শন কৰে ৷ বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিক তীব্ৰ গৰিহনা দিয়ে দলটোৱে । অতি শীঘ্ৰেই ঠাইখনত খহনীয়া প্ৰতিৰোধৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংসদ আব্দুল খালেক আৰু বঙাইগাঁও জিলা প্ৰশাসনক দাবী জনাইছে আমছুৰ সভাপতি জনে । অন্যথা গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে ।