অসম

assam

ETV Bharat / state

ভদীয়া বানত বুৰিল উত্তৰ অভয়াপুৰীৰ কুৰিখনৰো অধিক গাঁও

কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাই আই আৰু মানাহ নদীৰ জলপৃষ্ঠ ৷ যাৰ ফলত দুয়োখন নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে উত্তৰ অভয়াপুৰী কুৰিখনৰো অধিক গাঁও ।

flood
flood

By

Published : Sep 8, 2020, 1:01 PM IST

অভয়াপুৰী, 8 ছেপ্টেম্বৰ : উত্তৰ অভয়াপুৰীত বানৰ তাণ্ডৱ । আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কুৰি খনৰো অধিক গাঁও । ফলত বিপন্নহৈছে জন জীৱন । কিছুদিন পূৰ্বে দ্বিতীয়টো বানে ধুৱাই য়োৱাৰ পাচত পুনৰ ভাদমহীয়া বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে অঞ্চলটোত । বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰ আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰি খনৰো অধিক গাঁও বানৰ ফলত জলমগ্ন হৈ পৰিছে ।

ভদীয়া বানত বুৰিল উত্তৰ অভয়াপুৰীৰ কুৰিখনৰো অধিক গাঁও

কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাই আই আৰু মানাহ নদীৰ জলপৃষ্ঠ ৷ যাৰ ফলত দুয়োখন নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে লুংঝাৰ, বৰবিলা, খৰিবাৰী, পশ্চিম বৰবিলা, ভাটি পাৰা, গাৰোলেটি, ভাণ্ডাৰা, বালাৰপেট, টেনটনপুৰ, কাহীবাৰী, হালধীবাৰী, জামদহা, কীৰ্ত্তন পাৰা আদিকে ধৰি কুৰি খনৰো অধিক গাঁও। বানৰ ফলত প্লাৱিত হৈছে খেতি পথাৰ, ৰাস্তা-ঘাট, ঘৰ দুৱাৰ আদি । ডাঙাই গাঁও কীৰ্ত্তনপাৰা সংযোগী পকী পথৰ ওপৰেদি বাগৰিছে পানী । এই বাঢ়নী পানীৰ ফলত কৃষক সকলৰো হৈছেঅপূৰণীয় ক্ষতি । পানীৰ তলত বুৰ গৈছে হাজাৰ হাজাৰ বিঘা খেতি ।

লগতে পঢ়ক :আহিনৰ আঁচলত ধৰি ভুমুকি মাৰিছে শাৰদী ৰাণীয়ে

ABOUT THE AUTHOR

...view details