বঙাইগাঁও, 5 জুনঃ বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ অন্তৰ্গত হাফাচৰা শৰণাৰ্থী শিবিৰত ১৯৯৩ চনৰ পৰা ১১১৭ টাকৈ পৰিয়ালৰ লোকে বিভিন্ন সমস্যাৰ মাজত দিন অতিবাহিত কৰি আছে ৷ ইয়াৰে ৫৬৪ টা পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে যদিও, ৫৫৩ টা পৰিয়ালৰ আজিও নহ'ল কোনো উচিত ব্যৱস্থা ৷ প্ৰতিজন জনপ্ৰতিনিধিয়েই ৰাজনৈতিক ক্ষমতা লাভৰ পিচত শৰণাৰ্থী সকলক ঘূৰি নাচায় বুলি অভিযোগ উত্থাপন হৈছে ৷
বিধায়ক আব্দুল হাইনাগৰীক কোনে জনালে প্ৰত্যাহ্বান ? - জনপ্ৰতিনিধি.
বিধায়ক আব্দুল হাইনাগৰীক প্ৰত্যাহ্বান জনাইছে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত হাফাচৰা শৰণাৰ্থী শিবিৰৰ এগৰাকী যুৱকে ৷ শৰণাৰ্থী সকলৰ সমস্যা সমাধান কৰিব নোৱাৰিলে তেওঁক পদত্যাগ কৰি শৰণাৰ্থী গৰাকীক 40 দিনৰ সুবিধা প্ৰদান কৰিবলৈ জনায় প্ৰত্যাহ্বান ৷
গোষ্ঠীগত সংঘৰ্ষৰ পিচত বান,খহনীয়াত সৰ্বস্বান্ত হোৱা লোকসকলে বছৰৰ পিচত বছৰ ধৰি ভঙা জুপুৰিতে জন্তুৰ দৰে জীৱন পাৰ কৰি আহিছে বুলি উল্লেখ কৰিছে শৰণাৰ্থী সকলে ৷ সেয়ে শুকুৰবাৰে শৰণাৰ্থী যুৱক এজনে মুকলি প্ৰত্যাহ্বান জনাইছে বিধায়ক আব্দুল হাইনাগৰীক ৷ বিধায়কজনৰ কাৰ্যকালত অহা ৮ মাহৰ ভিতৰত শৰণাৰ্থী সকলৰ সমস্যা সমাধান কৰিব নোৱাৰিলে তেওঁক পদত্যাগ কৰি শৰণাৰ্থী গৰাকীক 40 দিনৰ সুবিধা প্ৰদান কৰিবলৈ কয় ৷ লগতে সেই দিনকেইটাৰ ভিতৰতে তেওঁ সকলো সমস্যাৰ সমাধান কৰি দেখুৱাব বুলি বিধায়ক গৰাকীক প্ৰত্যাহ্বান জনায় ৷
লগতে পঢ়কঃবিষ্ণু পুস্কৰৰ মাছ-কাচৰ অস্বাভাবিক মৃত্যুৰ স্থায়ী সমাধান বাবে গুৰুত্বপূৰ্ণ বৈঠক