মাণিকপুৰ, 12 জুলাই : বঙাইগাঁও জিলাৰ কাছাৰপেটি আৰু ৰাঙাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ ৰাইজে আজিকোপতি দেখা নাই বিদ্যুতৰ মুখ ৷ দেশৰ স্বৰাজোত্তৰ কালৰ কেইবাদশক পাৰ হ’ল কিন্তু এই সময়চোৱাত শাসনলৈ অহা প্ৰতিখন চৰকাৰেই সৰ্বসাধাৰণক উন্নয়নৰ কেৱল প্ৰতিশ্ৰুতি দি আহিছে ৷ পিছে জনগণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা কোনো এখন চৰকাৰৰ দিনতে বিজুলীৰ সংযোগৰ প্ৰতিশ্ৰুতিয়ে বাস্তৱত ৰূপায়িত হোৱা নাই ৷
বিজুলী, পানী ঘৰে ঘৰে উপলব্ধ কৰোৱাৰ চৰ্তত দেশৰ শাসনৰ মছনদত বহিছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ (Union government lead by Narendra Modi) ৷ ইয়াৰ লগতে, দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক চাব খোজা ৰাজ্য চৰকাৰৰো যেন কাণসাৰ নাই বাঘমাৰাবাসীৰ এই সমস্যাৰ ওপৰত ৷ উত্তৰ অভয়াপুৰী সমষ্টি (North Abhayapuri LAC)ৰ অন্তৰ্গত এই গাঁওখনৰ ৰাইজে অভিযোগ কৰিছে যে, পূৰ্বৰ বিধায়ক সকলৰ কোনোৱেই এই গাঁওখনত বিজুলী সংযোগ কৰাৰ ইচ্ছা প্ৰদৰ্শন নকৰি মাথো প্ৰতিশ্ৰুতি দিয়েই কাম সামৰিলে ৷ ৰাইজে এতিয়া আশা কৰিছে নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতেন খণ্ডকাৰে (Abdul Baten Khandekar) প্ৰতিশ্ৰুতিৰ সলনি ৰাইজৰ সমস্যাৰ অনুধাৱন কৰি গাঁওখনত বিজুলী সংযোগৰ ব্যৱস্থা কৰিব ৷