বিশ্বনাথ, 11 মে': বিশ্বনাথত এজন ভাস্কৰ্য শিল্পীয়ে কাঠেৰে সাজিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি । জনপ্ৰিয় শিল্পী গৰাকীৰ গান শুনি শুনিয়েই লক্ ডাউনৰ মাজতে শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়ালে ৰমেন হাজৰিকা নামৰ ভাস্কৰ্য শিল্পী গৰাকীয়ে । ইতিমধ্যে মুম্বাইৰ পৰা সুস্থ হৈ বাছেৰে তেওঁৰ প্ৰিয় শিল্পী গৰাকী আহি থকা শুনি উৎফুল্লিত হৈ পৰে, বিশ্বনাথৰ কোছগাঁও নিবাসী ভাস্কৰ্য শিল্পীগৰাকী ।
কাঠেৰে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ বিশ্বনাথৰ এগৰাকী ভাস্কৰ্য শিল্পীৰ - ৰমেন হাজৰিকা
বিশ্বনাথৰ কোছগাঁও নিবাসী ৰমেন হাজৰিকা নামৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে কাঠেৰে সাজি উলিয়াইছে, শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ।
a sculpture artist made zubeen garg's statue
ইয়াৰ পূৰ্বেও ভাস্কৰ্য শিল্পী গৰাকীয়ে ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিকে ধৰি, বাঁহ ,কাঠৰ বহু ভাস্কৰ্য নিৰ্মাণেৰে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে । অঞ্চলটোৰ বিভিন্ন উৎসৱ-পাৰ্বন তথা প্ৰদৰ্শনীত ভাস্কৰ্য শিল্পী ৰমেন হাজৰিকাৰ হাতৰ পৰশত চমকপ্ৰদ কাৰুকাৰ্যই পূৰ্ণতা লাভ কৰিছে ।
লগতে পঢ়কঃঢকুৱাখনাত অনুষ্টুপীয়াকৈ ফাট বিহু উদযাপন