বঙাইগাঁও, 16 মে': বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী আধীক্ষক পঙ্কজ কুমাৰ কাকতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা এক তালাচীত বঙাইগাঁৱৰ চাপৰাকাটাত জব্দ বহি:ৰাজ্যৰ পৰা অবৈধভাৱে 51 জন লোকক কঢ়িয়াই অনা এখন কন্টেইনাৰ বাহন ৷ জানিব পৰা মতে, পশ্চিম বঙ্গ আৰু বিহাৰৰ বিভিন্ন ঠাইত কোম্পানীত কৰ্মৰত আছিল উক্ত কন্টেনাৰখনত থকা অসমৰ প্ৰায় 7 খন জিলাৰ 51 জন লোক ৷ খোজকাঢ়ি আহি থকা লোক কেইজনে কাকুতি মিনতি কৰাত সহায়ৰ বাবে এইদৰে কন্টেইনাৰ খনত উঠাই আনিছিল বুলি মন্তব্য কৰে গাড়ীখনৰ চালক মহম্মদ হাচিবে ৷
গাড়ীখনত অহা লোক সকলে জনোৱা অনুসৰি লক ডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ পৰাৰ লগতে চৰকাৰী সাহায্য লাভ কৰা নাছিল তেওঁলোকে ৷ কোম্পানীৰ তৰফৰ পৰাও কোনো সহায় নকৰাৰ অভিযোগ কৰি শ্ৰমিক সকলে জনাই যে, বিগত তিনি দিনৰ পৰা তেঁওলোকে একো নোখোৱাকৈ খোজকাঢ়ি আহি আছিল ৷ নাহিলে হয়টো নোখোৱাকৈয়ে মৰিব লাগিলে হেতেন বুলিও উল্লেখ কৰে লোক সকলে ৷ কিন্তু আন্তৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰ গেট পাৰহৈ তথা কোকৰাঝাৰ আৰু চিৰাং জিলা পাৰহৈ আহি বঙাইগাঁওতহে লোক সকল ধৰা পৰাত বিষয়টো সন্দৰ্ভত সৃষ্টি হৈছে ৰহস্যৰ ৷