বঙাইগাঁও, 27 জুন : মানাহ আৰু আই নদীৰ বাঢ়নী পানীত প্লাৱিত অৰ্ধশতাধিক গাঁও। বানে কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰ আৰু মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত । ফেনে ফুটুকাৰে বাঢ়ি অহা মানাহ আৰু আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জিলাখনৰ ৫০ খনৰো অধিক গাঁও।
মানাহ আৰু আই নদীৰ কবলত বঙাইগাঁৱৰ অৰ্ধশতাধিক গাঁও - bongaigaon flood latest
কীৰ্ত্তনপাৰা ডাঙ্গাইগাঁও সংযোগী পকী পথৰ ওপৰেদি বাগৰিছে পানী। ফলত ন-ন অঞ্চল প্লাৱিত হোৱাৰ লগতে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ।
নাম্বাৰ পাৰা, গোলাপাৰা, মাত্ৰাঘোলা, বালাৰ চৰ, বাংলাপাৰা, বাশবাৰী, আওলাগুৰি, নাৰাৰভিটা,সন্তোষপুৰ , জামদহা, ভাণ্ডাৰা, বালাৰপেট, টেনটনপুৰ, কাহীবাৰী, হালধীবাৰী, ২নং বাশবাৰী, তিলপুখুৰী, গৰাইমাৰী, ছালাবিলা,মানিকপুৰ, বৰবিলা, ভাটিপাৰা, আদি গাঁও বৰ্তমান জলমগ্ন । কীৰ্ত্তনপাৰা ডাঙ্গাইগাঁও সংযোগী পকী পথৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী। ফলত ন ন অঞ্চল প্লাৱিত হোৱাৰ লগতে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । এই পৰিস্থিতপ পৰা বঙাইগাঁওবাসীক উদ্ধাৰ কৰিবলৈ বৰ্তমানলৈ বিশেষ কোনো পদক্ষেপ লোৱা নাই জিলা প্ৰশাসনে ৷
লগতে পঢ়কঃ বেকীৰ বানত প্লাবিত কলগাছিয়াৰ কুৰিখন গাঁও