বঙাইগাঁও, 9 নৱেম্বৰ: সন্দেহযুক্ত বিদেশী নাগৰিকৰ অভিযোগত অভিযুক্ত হৈ ডিটেনচন কেম্পত তিনিবছৰে বন্দীত্বৰ জীৱন কটোৱা বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী পুৰুষ-মহিলা শুকুৰবাৰে আহিল মুকলি আকাশৰ তললৈ ৷ শুকুৰবাৰে বিয়লি বঙাইগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিদেশী ন্যায়াধীকৰণ বিভাগ,আৰক্ষী বিভাগৰ যাৱতীয় কাম কাজ সম্পূৰ্ণ হৈ উঠাত জিলাখনৰ তিনিগৰাকী পুৰুষ আৰু দুগৰাকী বন্দী মহিলাই ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰে ৷ অৱশ্যে উল্লিখিত পাঁচগৰাকী লোকে ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰিলেও আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণ আদালতৰ স'তে যোগাযোগ অব্যাহত ৰাখিব লাগিব ৷
উল্লেখ্য যে,গোৱালপাৰা ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰা লোক তিনিজন হৈছে যোগীঘোপা থানাৰ অধীনৰ কচুদোলা গাঁৱৰ দুখধন দাস(৫০), মাণিকপুৰ থানাৰ অধীনৰ গেৰুকাবাৰীৰ ৰতন বিশ্ৱাস (৫৫) আৰু অভয়াপুৰী কাছাৰীপেটিৰ ৰাজ কুমাৰ মণ্ডল(৪০) ৷ ইপিনে কোকৰাঝাৰ ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰা মহিলা দুগৰাকী হৈছে মাণিকপুৰ থানাৰ অন্তৰ্গত নগৰঝাৰৰ শান্তি বালা মণ্ডল (৬০) আৰু অভয়াপুৰী অঞ্চলৰ চাবিনা বেওৱা (৫৮) ৷