অসম

assam

By

Published : Dec 3, 2022, 11:15 AM IST

ETV Bharat / state

Buffalo Seized : নিউ বঙাইগাঁও ৰে'লৱে জংচনত জব্দ ৪৯ টা ম'হ

ৰে'লৰ পৰা নমাই থকা অৱস্থাতে চৰকাৰী ৰে'ল আৰক্ষীয়ে জব্দ কৰে ম'হকেইটা (Buffalo seized at Bongaigaon)। অসমৰ এখন ফাৰ্মলৈ উত্তৰ প্ৰদেশৰ পৰা অনা হৈছে ম'হকেইটা । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Bongaigaon
নিউ বঙাইগাঁও ৰে'লৱে জংচনত জব্দ ৪৯ টা ম'হ

বঙাইগাঁও,৩ ডিচেম্বৰ :ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। প্ৰতিদিনে ৰাজ্য ভিন্ন প্ৰান্তত একাংশ দুষ্টচক্ৰই অবৈধভাৱে পশুধনৰ সৰবাৰহ চলাই গৈছে । অৱশ্যে এই ক্ষেত্ৰত আৰক্ষী যথেষ্ট কঠোৰ হৈছে । কিন্তু তাৰ পাছতো গৰু-ম'হ আদিৰ চোৰাং সৰবৰাহৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিছে ।

এইবাৰ ৰে'লৰ জৰিয়তেও ম'হৰ সৰবৰাহ কৰিছে একাংশ লোকে । বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত ৰে'ল আৰক্ষীৰ অভিযানত জব্দ ৪৯ টাকৈ ম'হ (Buffalo seized at New Bongaigaon Railway Station)। নিশা বহি:ৰাজ্যৰ পৰা সৰবৰাহ কৰা ম'হকেইটা নিউ বঙাইগাঁও ষ্টেচনত নমাই থকা সময়তে আৰক্ষীয়ে জব্দ কৰে । এটা ডবাতে বেআইনীভাৱে ম'হকেইটা সৰবৰাহ কৰাৰ অভিযোগ উঠিছে ।

নিউ বঙাইগাঁও ৰে'লৱে জংচনত জব্দ ৪৯ টা ম'হ

আনহাতে চৰকাৰী ৰে'ল আৰক্ষীক সঠিক নথিপত্ৰও দেখুৱাব পৰা নাছিল ম'হকেইটাৰ গৰাকীয়ে । যাৰ বাবে আৰক্ষীয়ে ম'হকেইটা জব্দ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে মনোজ কুমাৰ গুপ্তা নামৰ এগৰাকী লোকে ম'হকেইটা হৃদয় কুমাৰলৈ বিক্ৰী কৰিছে । ম'হকেইটা উত্তৰ প্ৰদেশৰ পৰা অনা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে ম'হকেইটাৰ মাজত ১৯ টা পোৱালিও আছে ।

অসমৰ এখন ফাৰ্মলৈ ম'হকেইটা অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সম্প্ৰতি নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ সমীপতে ম'হকেইটাক ৰখা হৈছে । চৰকাৰী ৰে'ল আৰক্ষীয়ে ৰে'ল কৰ্তৃপক্ষৰ পৰাও সবিশেষ ল'ব । তাৰ পাছতহে ম'হকেইটাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব জানিব পৰা যাব । লগতে ম'হকেইটাৰ বাবে খাদ্যৰো যোগান ধৰা হৈছে ।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা ম'হৰ সৰবৰাহ এয়াই প্ৰথম নহয় । ৰে'লেৰে ইয়াৰপূৰ্বেও বেআইনীভাৱে অসমলৈ ম'হৰ সৰবৰাহ হৈছে ।

লগতে পঢ়ক :Cybercriminals arrested : ব্লেক মেইলিং কৰি ৰঙাঘৰৰ আলহী উত্তৰ প্ৰদেশৰ যুৱক

ABOUT THE AUTHOR

...view details