অসম

assam

মাণিকপুৰ আদৰ্শ চিকিৎসালয়লৈ ২০২০-২১ বৰ্ষৰ 'কায়াকল্প' বঁটা

By

Published : Jul 31, 2021, 3:43 PM IST

২০২০-২১ বৰ্ষৰ 'কায়াকল্প বঁটা' লাভ অৰ্জন কৰিছে মাণিকপুৰ আদৰ্শ চিকিৎসালয়ে ৷ এই বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিছে চিকিৎসা কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ ৷

2020-21 Kayakalpa Award to Manikpur Model Hospital in Bongaogaon
মাণিকপুৰ আদৰ্শ চিকিৎসালয়লৈ ২০২০-২১ বৰ্ষৰ 'কায়াকল্প' বঁটা

অভয়াপুৰী, 31 জুলাই : প্ৰতিবছৰে চৰকাৰে চিকিৎসালয়সমূহৰ সামগ্ৰিক দিশ চালি-জাৰি চাই ভাল তথা সকলো দিশতে উন্নত চিকিৎসালয়সমূহক পুৰস্কৃত কৰি আহিছে চৰকাৰ তথা স্বাস্থ্য বিভাগে (Health Department)। এইবছৰো বঙাইগাঁও জিলা (Bongaigaon District)ৰ কেইবাখনো চিকিৎসালয়ৰ লগতে মাণিকপুৰ (Manikpur) মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়( Mahatma Gandhi Model Hospital), পাতিলাদহা প্ৰাথমিক চিকিৎসালয় আৰু কীৰ্ত্তনপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ২০২০-২১ বৰ্ষৰ 'কায়াকল্প' বঁটাৰ বাবে নিৰ্বাচিত হয় । চিকিৎসালয়ত থকা সা-সুবিধা, ৰোগীৰ প্ৰতি আগবঢ়োৱা সেৱা, ৰোগীয়ে পোৱা চিকিৎসা সন্দৰ্ভত আগবঢ়োৱা সেৱা আদি মাপকাঠীৰে চিকিৎসালয়সমূহক কায়াকল্প বঁটা আগবঢ়োৱা হয়।

মাণিকপুৰ আদৰ্শ চিকিৎসালয়লৈ ২০২০-২১ বৰ্ষৰ 'কায়াকল্প' বঁটা

জিলা পৰ্যায়ৰ হাস্পতাল, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদিক কায়াকল্প বঁটাৰে পুৰস্কৃত কৰা হয় প্ৰতিবছৰে । মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ে ৪৬ তম প্ৰশংসা পত্ৰ লাভ কৰি ১ (এক) লাখ টকা পোৱাৰ যোগ্যতা অৰ্জন কৰিছে । আনহাতে, পুৰস্কাৰ প্ৰাপ্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তালিকাত বঙাইগাঁও জিলাৰ পাতিলাদহা ২য় আৰু কীৰ্ত্তনপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই তৃতীয় স্থানত কায়াকল্প বঁটাৰ অধীনত ৫০,০০০( পঞ্চাশ হেজাৰ) টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক-ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

উক্ত চিকিৎসালয়খনে ২০২০-২১ বৰ্ষৰ কায়াকল্প বঁটাৰ বাবে নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰে স্থানীয় ৰাইজ ৷ চিকিৎসালয়সমূহত কৰ্মৰত চিকিৎসক আৰু আন্তঃগাঁথনি আৰু অধিক উন্নীতকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । চৰকাৰে যদি ইয়াৰ বাবে ব্যৱস্থা কৰে, অনাগত দিনত চিকিৎসালয়খনৰ পৰা বহু উপকৃত হ'ব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details