বঙাইগাঁও, 3 চেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত বুধবাৰে সন্ধিয়া জাল চাৰ্টিফিকেট বনোৱা এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে ৷ এই অভিযানত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নকল চাৰ্টিফিকেটো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।
বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত মাণিকপুৰ আৰক্ষী থানাৰ (Manikpur Police Station) উপ আৰক্ষী পৰিদৰ্শক দেৱব্ৰত ফুকনৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ আৰক্ষীয়ে জাল চাৰ্টিফিকেট প্ৰস্তুত কৰা পৰিমল ৰায় আৰু ওচমান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।