অসম

assam

ETV Bharat / state

Rebellion in Bongaigaon BJP : বঙাইগাঁও বিজেপিত বিদ্ৰোহ, একেলগে ১৮ নেতাৰ পদত্যাগ - বঙাইগাঁও বিজেপিত বিদ্ৰোহ

বিজেপিৰ বঙাইগাঁও জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ বিৰুদ্ধে ক্ষোভ (Allegation against Bongaigaon BJP president)। অধিকাৰীৰ একনায়কত্ববাদক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ১৮ গৰাকী জিলা বিষয়ববীয়া তথা মণ্ডল সভাপতিৰ সমূহীয়া পদত্যাগ । ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব লৈ পদত্যাগ পত্ৰ প্ৰেৰণ ।

Rebellion in Bongaigaon BJP
বঙাইগাঁও বিজেপিত বিদ্ৰোহ

By

Published : May 7, 2023, 12:28 PM IST

বঙাইগাঁও,৭ মে' :সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত বঙাইগাঁও জিলা বিজেপিত মোক্ষম আঘাত । জিলাখনৰ ১৮ গৰাকী জিলা বিষয়ববীয়া তথা মণ্ডল সভাপতিৰ সমূহীয়া পদত্যাগ (18 BJP leaders resign in Bongaigaon)। জিলা সভানেত্ৰীৰ ভূমিকাত অসন্তুষ্ট হৈ পদত্যাগৰ ঘোষণা শীৰ্ষ বিজেপি নেতাসকলৰ ।

বঙাইগাঁও জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে মুকলি বিদ্ৰোহ (Revolt against Bongaigaon district president)। ছিণ্ডিকেট, কমিচন আৰু একনায়কত্ববাদৰ অভিযোগ তুলি ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে একাংশ বিজেপি নেতাই । বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাসলৈও পদত্যাগ পত্ৰপ প্ৰতিলিপি প্ৰেৰণ কৰিছে নেতাসকলে ।

হিমানী অধিকাৰী আৰু স্বামী ডেনিয়েল দাস

১৮ গৰাকী নেতা হৈছে ক্ৰমে জিলা উপ সভাপতি লুভাছ বৰ্মন, কৌস্তভ কুমাৰ দাস, দীনেশ সৰকাৰ, দেৱজিৎ বোস, জিলা সাধাৰণ সম্পাদক জ্যোতিৰ্ময় সৰকাৰ, বিনোদ শৰ্মা, জিতু বণিক্য, নীল ৰতন ঘোষ, দীপ্তি পাঠক, জিলা কোষাধ্যক্ষ মদনলাল আগৰৱালা, জিলা কাৰ্যালয় সম্পাদক হেমেন বৰ্মন, অভয়াপুৰী নগৰ মণ্ডলৰ সভাপতি মৃদুল পাঠক, বইটামাৰী মণ্ডলৰ সভাপতি দীপক সৰকাৰ, সৃজনগ্ৰাম মণ্ডলৰ সভাপতি যুধিষ্ঠিৰ ৰায়, ডাংতল মণ্ডলৰ সভাপতি ভূৱন দাস, উত্তৰ বঙাইগাঁও নগৰ মণ্ডলৰ সভাপতি প্ৰদীপ ঘোষ, দক্ষিণ বঙাইগাঁও নগৰ মণ্ডলৰ সভাপতি পূৰ্ণিমা দাস, বিদ্যাপুৰ মণ্ডলৰ সভাপতি লংকেশ্বৰ বৰ্মন ।

পদত্যাগ পত্ৰৰ বিজেপি শীৰ্ষ নেতাসকলে স্পষ্টভাৱে জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে (Allegation against Bongaigaon BJP president)। তেওঁলোকে অভিযোগ কৰা মতে হিমানী অধিকাৰীয়ে ৰাজ্যিক সম্পাদিকাৰ দায়িত্ব পোৱাৰ পাছতে জিলাখনৰ বহু দালাল চক্ৰ আৰু ছিণ্ডিকেট চক্ৰৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিছে । জিলা সভানেত্ৰীৰ দায়িত্ব পোৱাৰ পাছত এই কাৰ্য অধিক বৃদ্ধি পায় বুলি তেওঁলোকে অভিযোগ কৰে ।

আনকি ক্ষমতাৰ ৰাগীত বলীয়ান হৈ জিলাখনত একনায়কত্ববাদৰ সূচনা কৰিছে বুলিও সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ কৰিছে বিজেপি নেতাসকলে । ইফালে সভানেত্ৰীগৰাকী স্বামী ডেনিয়েল দাসেও জিলাখনৰ প্ৰতিটো কাৰ্যালয়তে দালালৰাজ আৰম্ভ কৰিছে বুলি অভিযোগ কৰিছে নেতাসকলে । কেৱল এয়াই নহয় জিলা সভানেত্ৰী আৰু তেওঁ স্বামীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি বঙাইগাঁও জিলা বিজেপিৰ শীৰ্ষ নেতা তথা মণ্ডল সভাপতিসকলে পদত্যাগ কৰে ।

অৱশ্যে এই পদত্যাগৰ পাছতে ৰাজ্যিক বিজেপিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বঙাইগাঁৱত বিজেপিৰ এনে দুৰ্দশা দেখি আচৰিত হৈছে বহু শীৰ্ষ বিজেপি নেতা । কিন্তু সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে দলৰে একাংশ নেতাই অভিযোগ উত্থাপন কৰাৰ পাছত শীৰ্ষ নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Opposition parties Memorandum : ৰাজ্যিক মুখ্য নির্বাচনী বিষয়ালৈ ১১ টা বিৰোধী দলৰ স্মাৰক পত্ৰ

ABOUT THE AUTHOR

...view details