বঙাইগাঁও, 16 চেপ্টেম্বৰঃসোমবাৰে পুৱতি নিশা উত্তৰ অভয়াপুৰীৰ মাণিকপুৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চুপাৰী ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন কৰ্তব্যৰত আৰক্ষী জোৱান ৷ এই দুৰ্ঘটনাটোত আন এজন জোৱান গুৰুতৰ ভাৱে আহত হয় ৷ নিহত জোৱানজন কোকিলা মৌলবীপাৰাৰ ৰমেজ উদ্দিন আহমেদ আৰু আহত জোৱান জন সৰভোগৰ দহলাপাৰাৰ কৃষ্ট ৰাম ৰায় বুলি জানিব পৰা গৈছে ৷
মাণিকপুৰত ট্ৰাকৰ খুন্দাত নিহত কৰ্তব্যৰত আৰক্ষী জোৱান - বঙাইগাঁও
মাণিকপুৰৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকৰ খুন্দাত এজন কৰ্তব্যৰত আৰক্ষী জোৱান থিতাতে নিহত হয় ৷ এই দুৰ্ঘটনাটোত আন এজন জোৱান গুৰুতৰ ভাৱে আহত হয় ৷

ট্ৰাকৰ খুন্দাত নিহত কৰ্তব্যৰত আৰক্ষী জোৱান
ট্ৰাকৰ খুন্দাত নিহত কৰ্তব্যৰত আৰক্ষী জোৱান
তথ্য অনুসৰি সোমবাৰে পুৱতি নিশা আৰক্ষী জোৱান জনে 31নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড লগাই থকাৰ সময়তে হাউলীৰ পৰা কৰ্ণাটক অভিমুখী এখন RJO-GB-8069 নম্বৰৰ চুপাৰি ভৰ্তি ট্ৰাকে তীব্ৰ বেগত আহি আৰক্ষী জোৱান জনক মহতিয়াই নি ৰাস্তাৰ কাষত বাগৰি পৰে ৷ এই দুৰ্ঘটনাটোত আৰক্ষী জোৱান ৰমেজ উদ্দিন আহমেদ নিহত হোৱাৰ লগতে জোৱান কৃষ্ট ৰাম ৰায় গুৰুতৰভাৱে আহত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপ আৰক্ষী অধীক্ষক অমৰজ্যোতি চৌধুৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ সম্প্ৰতি ট্ৰাকখন মাণিকপুৰ আৰক্ষী থানাৰ জিম্মাত আছে ৷