অসম

assam

ETV Bharat / state

Jakir Hussain Sikdar slams BJP : ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'বই বুলি নিশ্চিত জাকিৰ হুছেইন শিকদাৰ - Jakir Hussain Sikdar

আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ প্ৰদেশ কংগ্ৰেছ । ৰাজ্যত চাঙে চাঙে কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ । বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে বিশেষ গুৰুত্ব আৰোপ কৰিছে ।

Jakir Hussain Sikdar slams BJP
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী নিশ্চিত জাকিৰ হুছেইন শিকদাৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 5:29 PM IST

দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী নিশ্চিত জাকিৰ হুছেইন শিকদাৰ

বিশ্বনাথ,২০ অক্টোবৰ :দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী । এই দাবী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ । কংগ্ৰেছ দলৰ এক কাৰ্যসূচীৰ বাবে বিশ্বনাথত উপস্থিত হৈ এই মন্তব্য কৰে নেতাগৰাকীয়ে ।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে প্ৰতিখন ৰাজ্যতে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । অসম প্ৰদেশ কংগ্ৰেছেও ৰাজ্যখনৰ ১৪ খন আসনৰ বাবে বিশেষ ৰণনীতি গ্ৰহণ কৰিছে । কংগ্ৰেছ দলে ইতিমধ্যে বাগানে বাগানে বিভিন্ন কাৰ্যসূচী লোৱাৰ সমান্তৰালকৈ এইবাৰ চাঙে চাঙে কাৰ্যসূচীও হাতত লৈছে । ইয়াৰ জৰিয়তে ভোটাৰৰ কাষ চাপিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ দলে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোৱা ১৩ অক্টোবৰ অসমত চাঙে চাঙে কাৰ্যসূচী আৰম্ভ হৈছে । এই কাৰ্যসূচীৰ জৰিয়তে ধেমাজি, বিহপুৰীয়া, মাজুলী, ঢকুৱাখনা আদি মিচিং অধ্যুষিত অঞ্চলত উপস্থিত হৈ শাসনত থকা বিজেপি চৰকাৰৰ কাম কাজৰ সমালোচনা কৰিছে । কাৰ্যসূচীৰ অংশ হিচাপে বিহালীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে দাবী কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো কাৰ্যসূচী গ্ৰহণ কৰা পাছত সমগ্ৰ ভাৰত কংগ্ৰেছৰ পক্ষলৈ আহিছে ।

ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে দেশত পৰিৱৰ্তন হোৱাটো খাটাং আৰু দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীও কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী হোৱাটো প্ৰায় নিশ্চিত বুলি তেওঁ দাবী কৰে । অসমৰ ক্ষেত্ৰতো প্ৰদেশ কংগ্ৰেছে অসমৰ ধুবুৰী পৰা শদিয়ালৈ ভাৰত জোড়ো কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচীত অসমবাসীৰ সহযোগিতা দেখা গৈছে । ভাৰত জোড়ো যাত্ৰাৰ পাছত বাগানে বাগানে কাৰ্যসূচী ৰূপায়ণ কৰিও বহু সফল হৈছে কংগ্ৰেছ দল ।

যোৱা ৭ বছৰৰো অধিক সময়ত অসমত বিজেপি চৰকাৰে শাসন কৰি চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰাই নহয় চাহ বাগিছা অঞ্চলৰ বাবেও বিজেপি চৰকাৰে কোনো উন্নয়নৰ কাম নকৰিলে বুলি অভিযোগ কৰে জাকিৰ হুছেইন শিকদাৰে । আনহাতে বিজেপি চৰকাৰৰ প্ৰতি মানুহৰ ক্ষোভ, আবেগ আছে বুলিও তেওঁ দাবী কৰিছে । যাৰ বাবে বিজেপি দলে কোনো কাৰণতে একক গৰিষ্ঠতা লাভ কৰিব নোৱাৰে বুলি জাকিৰ হুছেইনে দাবী কৰে ।

লগতে পঢ়ক :Nalbari news: শিশুৰ অধিকাৰ শিক্ষা, কৰিছে লেট্ৰিন চাফা !

ABOUT THE AUTHOR

...view details