বিহপুৰীয়া, 13 জুন : বিগত 48 ঘন্টা ধৰি সন্ধানহীন হৈ আছে এজন যুৱক ৷ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত গৰাখহনীয়া প্ৰতিৰোধী কৰ্মত নিয়োজিত আছিল প্ৰদীপ হাজৰিকা নামৰ ২২ বছৰীয়া যুৱকজন ৷ বিগত, 11 জুনত কৰ্মৰত অৱস্থাতে এখন নৌকাৰ পৰা পিছলি ব্ৰহ্মপুত্ৰত পৰি গৈছিল যুৱকজন ৷ বুধবাৰে, মাজুলীৰ শালমৰাৰ পৰা যুৱকজনৰ সন্ধান বিচাৰি তেওঁৰ পিতৃ বনপুৰৈ-জামুগুৰিত উপস্থিত হোৱাৰ সময়ত এক শোকাকুল পৰিবেশে বিৰাজ কৰে অঞ্চলটোত।
48 ঘন্টাৰ পাচতো সন্ধান নাই লুইতত সন্ধানহীন প্ৰদীপ হাজৰিকাৰ - বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞা
নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত গৰাখহনীয়া প্ৰতিৰোধী কৰ্মত জড়িত থাকোতেই বিগত 11 জুনত এখন নৌকাৰ পৰা পিছলি ব্ৰহ্মপুত্ৰত পৰি গৈছিল প্ৰদীপ হাজৰিকা নামৰ এজন যুৱক ৷ বিগত 48 ঘন্টা ধৰি সন্ধানহীন হৈ থকা যুৱকজনৰ পিতৃক চৰকাৰৰ লগত থকাৰ আশ্বাস দিলে বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই ৷

একমাত্ৰ সন্তান নিখোজ হোৱাত কান্দোনত ভাগি পৰে যুৱকজনৰ পিতৃ নগেন হাজৰিকা । ইফালে, ঘটনাস্থলীত উপস্থিত হৈ নিৰুদিষ্ট যুৱকজনৰ পিতৃক গভীৰ সমবেদনা জনোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৰ লগত চৰকাৰ সদায় থাকিব বুলি আশ্বাস প্ৰদান কৰে বিহপুৰীয়াৰ বিধায়ক(mla bihpuria lac)ড৹ অমীয় কুমাৰ ভূঞাই । ইতিমধ্যে এছডিআৰএফ(SDRF)ৰ দলে দিনে নিশাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত চলাইছে উদ্ধাৰ অভিযান(rescue operation) ৷ ইয়াৰ মাজতে মাজুলীৰ শালমৰাৰ পৰা আহি ঘটনাস্থলিত উপস্থিত হোৱা সন্ধানহীন যুৱক জনৰ পিতৃ নগেন হাজৰিকাক দুৰ্ঘটনাস্থলীতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ(water resource mnister pijush hazarika)হৈ এক লাখ টকা আৰু নিজাববীয়াকৈ পঞ্চাশ হাজাৰ টকা আগবঢ়াই বিধায়ক গৰাকীয়ে ৷ আনহাতে, দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত চৰকাৰ আৰু জনপ্ৰতিনিধিগৰাকী সদায় থাকিব বুলিও প্ৰতিশ্ৰুতি দিয়ে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক :চিনেমাৰ কায়দাৰে চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য...