বিশ্বনাথ চাৰিআলি, 22 অক্টোবৰ: প্ৰেম হেনো এক স্বৰ্গীয় অনুভূতি ৷ কিন্তু এই প্ৰেমেই কেতিয়াবা কাল নমাব পাৰে আপোনাৰ জীৱনলৈ ৷ প্ৰেম কৰোঁতে সাৱধান হওক ৷ এইবাৰ বিশ্বনাথ চাৰিআলিত প্ৰাক্তন প্ৰেমিকাক আক্ৰমণ কৰিলে যুৱকে (Lover attack ex girlfriend in Biswanath)৷
ঘটনা অনুসৰি শনিবাৰে দিন দুপৰতে মহাবিদ্যালয়ৰ পৰা যুৱতীগৰাকী ঘৰলৈ উভতি অহাৰ পথত তেওঁৰ প্ৰাক্তন প্ৰেমিক নৱজ্যোতি শইকীয়াই আগুচি ধৰে (Youth beats up ex girlfriend in Biswanath) ৷ তাৰ পিছতে যুৱতীগৰাকীক মাটিত বগৰাই লৈ গুৰুলা গুৰলকৈ প্ৰহাৰ কৰে ৷ যুৱতীগৰাকীয়ে একো তত ধৰিব নোৱাৰি যুৱকজনক প্ৰহাৰ নকৰিবলৈ কাকুতি মিনতি কৰে যদিও যুৱকজনে কাৰো কথাই নুশুনে (Lover attempt to murder ex girlfriend) ৷
এই ঘটনা দেখি ওচৰ চুবুৰীয়া লোক ওলাই আহি যুৱতীগৰাকীক বচাবলৈ চেষ্টা কৰে ৷ এগৰাকী মহিলাই যুৱকজনক মাৰ-পিট কৰাত বাধা দিয়াত যুৱকজনে যুৱতীগৰাকীয়ে তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ কাৰণে এই ঘটনা সংঘটিত কৰে বুলি জানিবলৈ দিয়ে ৷ স্থানীয় মহিলাগৰাকীয়ে যুৱকজনক বুজনি দিয়াৰ লগতে আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকীক ঘৰলৈ পঠিয়াবলৈ লওতেই পুনৰ যুৱকজনে বাইকেৰে যুৱতীগৰাকীক পিছফালৰ পৰা খুন্দিয়াই পেলাই দিয়ে ৷
এই ঘটনা দেখি আতংকিত হৈ পৰে প্ৰত্যক্ষদৰ্শী মহিলাগৰাকী ৷ তেওঁ যুৱতীগৰাকীক ঘৰৰ লোকক এই কথা অৱগত কৰোৱাবলৈ কয় ৷ যুৱতীগৰাকীৰ ঘৰৰ লোক আহিলে তেওঁক ঘৰলৈ পঠিয়াই দিব বুলি লগত ৰাখি থয় ৷ যুৱতীগৰাকীয়ে ভগ্নীক ফোনযোগে ঘটনা সন্দৰ্ভত অৱগত কৰি আৰক্ষীক খবৰ দিয়ে ৷