বিশ্বনাথ, 25 জুন: বিশ্বনাথলৈ গৌৰৱ ৷ সাহিত্য অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট লেখক ড৹ সঞ্জীৱ উপাধ্যায় (Sahitya akademi award to Dr Sanjib Upadhay) ৷ শুকুৰবাৰে সাহিত্য অকাডেমিয়ে ঘোষণা কৰা অনুবাদ সাহিত্যৰ বাবে বিশ্বনাথৰ গেলাপুখুৰী নিবাসী তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ সঞ্জীৱ উপাধ্যায় সাহিত্য অকাডেমি বঁটা-২০২১ৰ বাবে নিৰ্বাচিত হয় ৷ অসমৰ স্বনামধন্য সাহিত্যিক হোমেন ববৰগোহাঞিৰ 'পিতা পুত্ৰ' উপন্যাসখন 'বাবু-ছোৰা' নামেৰে নেপালী ভাষালৈ অনুবাদ কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হয় লেখকগৰাকীয়ে ৷
ড৹ উপাধ্যায়ে ইতিমধ্যে প্ৰায় ২০ খন পাঠ্যপুথিৰ উপৰিও অসমীয়া, নেপালী, ইংৰাজী ভাষাত ২০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। বিজ্ঞান বিষয়ক বিভিন্ন লিখনিৰ উপৰিও সাহিত্যৰ ক্ষেত্ৰৰ বিশেষ অৱদান আগবঢ়োৱা ড৹ সঞ্জীৱ উপাধ্যায়লৈ অনুপম চিন্তন মঞ্চ, বিশ্বনাথ জিলা নেপালী সাহিত্য সভা, বিশ্বনাথ নগৰ নেপালী সাহিত্য সভা আদি বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে ৷