বিশ্বনাথ, ২১আগষ্ট :বিজুলী প্ৰসাদ আৰু নাই ৷ সোমবাৰে মৃত্যু হয় বিজুলী প্ৰসাদৰ । বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটোৱেই আছিল বিজুলী প্ৰসাদ । সোমবাৰে প্ৰায় নব্বৈ বছৰ বয়সত বিদায় ল’লে বিজুলী প্ৰসাদে ৷ বিজুলীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত ৷
সকলোৰে জ্ঞাত যে, বিশ্বৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো আছিল অসমৰ শোণিতপুৰ জিলাৰ বিহালী সমষ্টিৰ বিহালী চাহ বাগিচাত । বৃটিছ উপনিবেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটোৰ নাম ৰাখিছিল বিজুলী প্ৰসাদ । পূৰ্বে বিজুলীক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও পিচত জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা হ’ল বিজুলী প্ৰসাদ ।
আজিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বিজুলীৰ খবৰ ৰাখে ইংৰাজ চাহাবে । প্ৰায় ৮৬ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল এই হাতীটো । বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ । মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক ।
বিজুলিৰ খাদ্য তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমাণৰ গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ ৷ বিজুলী প্ৰসাদক এই খাদ্য যোগান ধৰি গৈছিল চাহ বাগিছাৰ কৰ্তৃপক্ষই । বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী ।