অসম

assam

ETV Bharat / state

বিহালীত বিশ্ব পৰিৱেশ দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে বিহালীতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয় ৷ উক্ত কাৰ্যসূচীত বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত উপস্থিত থাকে ৷

world-environment-day-celebration-in-bihali
বিহালীত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰোপণ

By

Published : Jun 6, 2021, 12:07 PM IST

বিশ্বনাথ,6 জুন: শনিবাৰে ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত তথা বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷

সেই অনুসৰি বিহালীৰ বৰগাং কেন্দ্ৰ, ঐতিহ্যমণ্ডিত গাংমৌ থান পথ, বেদেতী-ৰাংচালী সংযোগী পথ, বৰালীমৰা গাঁও পঞ্চায়ত, নিজ বিহালী গাঁও পঞ্চায়ত, বটিয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংছালী চেণ্টাৰৰ পৰা ৰাংছালী নদীৰ ঘাটলৈ যোৱা পথটোত গছপুলি ৰোপণ কৰা হয় ৷ এই কাৰ্ষসূচীত উপস্থিত থাকে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত ।

লগতে :M-13 নে কাৰ্বি পথ : ক’ত হ’ব সোণোৱালৰ নতুন ঠিকনা ?

ABOUT THE AUTHOR

...view details