বিশ্বনাথ, ২৩ এপ্ৰিল : আজি বিশ্ব ধৰিত্ৰী দিৱস (World Earth Day 2023) ৷ প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি পালন কৰা হয় ধৰিত্ৰী দিৱস । এই দিনটোত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্যসূচী পালন কৰা হয় (World Earth Day celebrates in Biswanath)। ‘‘আচলতে প্ৰকৃতিয়ে আমাক সৰ্বস্ব উজাৰি দিলে ৷ আমি বাৰু প্ৰকৃতিক কি দিলো ৷’’ এই মন্তব্য বিশ্বনাথ চাৰিআলি বিশিষ্ট সমাজকৰ্মী তথা প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাৰ (Nature lover Kumud Baroua)।
প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাই প্ৰাণভৰি ভালপায় প্ৰকৃতিক ৷ সেয়ে প্ৰতিটো দিনে তেওঁ ধৰিত্ৰী দিৱস হিচাবে উদযাপন কৰে ৷ য'ত নিহিত হৈ আছে প্ৰকৃতিৰ প্ৰতি তেওঁৰ নিঃস্বাৰ্থ ভালপোৱা আৰু ভৱিষ্যতৰ পৃথিৱীৰ প্ৰতি দ্বায়িত্ববোধ ৷ যাৰ বাবে সৰ্বস্ব ত্যাগ কৰি হ’লেও তেওঁ অব্যাহত ৰাখিছে সমাজখন সেউজীয়া কৰাত ৷ সেউজীয়া সপোনৰ পম খেদি লোকজনে ইতিমধ্যে ত্যাগ কৰিছে অধিবক্তাৰ দৰে বৃত্তি ৷ আনকি তেওঁ বিক্ৰী কৰিছে ইকঠাৰ পাচত সিকঠা মূল্যৱান মাটিও ।
অধিবক্তা হিচাবে কৰ্মজীৱন আৰম্ভ কৰা কুমুদ বৰুৱাৰ ঘৰ বিশ্বনাথ চাৰিআলিত বামগাঁৱত । বিশ্বনাথ চাৰিআলিৰ চহৰ স্বচ্ছতা আৰু সেউজীয়াবোৰৰ আঁৰৰ লোকজনেই হৈছে কুমুদ বৰুৱা ৷ কেৱল বিশ্বনাথ চাৰিআলিয়েই নহয়, তেজপুৰ নগৰ তেজপুৰ ন্যায়লয় চৌহদ, শদিয়াৰ পৰা ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰলৈকে বিগত ১৩ বছৰে নিজা খৰচত লোকজনে ৰোপন কৰি আহিছে হাজাৰ হাজাৰ গছপুলি ৷
জানি হয়তো আচৰিত হ’ব, গছৰ লগত কথা পাতে এইগৰাকী প্ৰকৃতি প্ৰেমী কুমুদ বৰুৱাই ৷ গছে বহু কথা কয় কুমুদ বৰুৱাক ৷ এদিন হেনো গছে কুমুদ বৰুৱাক ক'লে, ‘‘ওকালতিৰ টকাৰ মোক লালন-পালন কৰিব নালাগে’’ ৷ সেয়ে ২০১৫ চনতে ওকালতি বাদ দিলে এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ৷ কুমুদ বৰুৱাই উকালতি বাদ দিয়াৰ পাচত গছপুলি ৰোপণৰ ক্ষেত্ৰত কিছু আৰ্থিক অনাটনে দেখা দিয়ে ৷ সেয়ে তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা কিছু মাটি বিক্ৰী কৰি দিছিল গছপুলি ৰোপণৰ নামত ৷