অসম

assam

ETV Bharat / state

Wooden Bridge Collapse : কেমেৰাৰ সন্মুখতে চতিয়াৰ পলশনিত ভাগি পৰিল কাঠৰ দলং

বিশ্বনাথৰ চতিয়া পলশনিত ভাগি পৰিল কাঠৰ দলং ৷ চতিয়াৰ পলশনি আৰু কুৰুৱাআটি সংযোগী 'টৌ' খ্যাত কাঠৰ দলং ভাগি পৰিল ৷

Wooden bridge collapses in Biswanath
বিষয়া-ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই ভাগি পৰিল কাঠৰ দলং

By

Published : Aug 5, 2023, 10:25 PM IST

পলশনিত ভাগি পৰিল কাঠৰ দলং

বিশ্বনাথ, 5 আগষ্ট : বিশ্বনাথত বিষয়া-ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই ভাগি পৰিল কাঠৰ দলং ৷ অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷ নিম্ন মানৰ কাম কৰা ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ অতিৰিক্ত উপায়ুক্তক স্মাৰক পত্ৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷

বিশ্বনাথৰ চতিয়া পলশনিত ভাগি পৰিল কাঠৰ দলং ৷ ভাগি পৰিল চতিয়াৰ পলশনি আৰু কুৰুৱাআটি সংযোগী 'টৌ' খ্যাত এখন কাঠৰ দলং ৷ নিৰ্মাণৰ তিনিবছৰ সম্পূৰ্ণ নহওঁতেই ভাগি পৰিল এই দলং ৷

ৰাইজৰ অভিযোগ অনুসৰি বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ আত্মীয়‌ই লাভ কৰিছিল এই দলং নিৰ্মাণৰ ঠিকা ৷ কিন্তু নিৰ্মাণৰ তিনি বছৰ সম্পূৰ্ণ নহ‍ওঁতেই ভাগি পৰিল এই দলংখন ৷ নিৰ্মাণৰ তিনিবছৰ নৌহওঁতেই দলংখন বহুবাৰ মেৰামতিও কৰা হ'ল ৷ কিন্তু অৱশেষত শনিবাৰে দুৰ্বল অৱস্থাত থকা এই দলংখন ভাগি সোমাই পৰিল নদীৰ মাজত ৷

এই দলং নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ আত্মীয়‌ জনৈক বৰঠাকুৰে ৷ দলঙখন ভাগি পৰাত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিল কেইবাখনো গাঁৱৰ যাতায়ত ব্যৱস্থা ৷ এই দলঙৰ মাধ্যমেৰেই নিতৌ বিদ্যালয়লৈ অহা-যোৱা ছাত্ৰ-ছাত্ৰীৰ ৷ লগতে বৃহত্তৰ অঞ্চলটোৰ শ শ ৰাইজৰ যাতায়তৰ মাধ্যম এই দলঙখন ৷ ফলত দলঙখন ভাগি পৰাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত এতিয়া তীব্ৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷

শ শ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম এই দলঙখন শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়কক দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷ লগতে শীঘ্ৰেই নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই অতিৰিক্ত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে ৷

লগতে পঢ়ক :Arunachal Mountaineer Missing: অৰুণাচল প্ৰদেশত নিৰুদ্দেশ হোৱা দুই পৰ্বতাৰোহীক বিচাৰি পুনৰ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details