বিশ্বনাথ,৩১ডিচেম্বৰ :উত্তৰ অসমৰ গহপুৰ মহকুমা, বিশ্বনাথ চাৰিআলি, তেজপুৰ, জামুগুৰী, ইটাখোলা, আদি অঞ্চললৈ গাড়ীয়ে গাড়ীয়ে অবৈধ অৰুণাচল সুৰা সৰবৰাহ হোৱা বা-বাতৰি প্ৰকাশ পাই আহিছিল যদিও গুৰুত্ব দিয়া নাছিল গহপুৰৰ আৱকাৰী বিভাগে। অৱশেষত গহপুৰৰ মহকুমাধিপতিৰ তৎপৰতাত গহপুৰ মহকুমা আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বুধবাৰে নিশা জব্দ কৰিবলৈ সক্ষম হয় অবৈধ অৰুণাচলী সুৰাসহ সুৰা কঢ়িওৱা গাড়ী ।
গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ - বৃহস্পতিবাৰে বছৰটোৰ শেষৰটো দিনতে
উত্তৰ অসমত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ সৰবৰাহ। গহপুৰৰ মহকুমাধিপতিৰ তৎপৰতাত গহপুৰ মহকুমা আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বুধবাৰে নিশা জব্দ কৰিবলৈ সক্ষম হয় অবৈধ অৰুণাচলী সুৰাসহ সুৰা কঢ়িওৱা গাড়ী ।
![গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ গহপুৰ মহকুমাধিপতিৰ তৎপৰতা জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10074126-440-10074126-1609425515396.jpg)
বৃহস্পতিবাৰে বছৰটোৰ শেষৰটো দিনতেই ২১০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় গহপুৰৰ আৱকাৰী বিভাগ। কিন্তু এই সফলতা একমাত্ৰ গহপুৰৰ মহকুমাধিপতি বুলি জানিব পৰা গৈছে । বুধবাৰৰ নিশা গহপুৰৰ মহকুমাধিপতি লাভ কৰা গোপন তথ্য ভিত্তিত অৰুণাচলী সুৰাৰ সৰবৰাহ হোৱা খবৰ লাভ কৰিছিল গহপুৰৰ আবকাৰী বিভাগৰ বিষয়া গৰাকীয়ে ৷ উক্ত খবৰ ভিত্তিতে গহপুৰৰ আৱকাৰী বিভাগৰ এটা দলে গোপন সূত্ৰৰ পম খেদি প্ৰায় ২ লাখ ৫২ হাজাৰ টকাৰ মূল্যৰ বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা জব্দ কৰা লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত তেল ভৰাই থকা সময়তে AS-07-AC-9499 নম্বৰৰ বলেৰ’ পিকআপ বাহন এখন জব্দ কৰি ১৮০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় যদিও উক্ত সুৰা সমূহ নাহৰলগুনৰ পৰা অৰুণাচলৰ ডিয়াঙলৈ কঢ়িয়াই নিছিল বুলি হে জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ কৰ’ণাৰ প্ৰতিষেধকৰ বিৰুদ্ধে ফটোৱা জাৰি ৰাজা একাডেমীৰ