বিশ্বনাথ,4মাৰ্চ: প্ৰায় নিশ্চিত হৈ পৰিছে ৭৭ নং বিহালী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মন্ত্ৰী তথা বৰ্তমান সমষ্টিটোৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ নাম ৷ কিয়নো মন্ত্ৰীগৰাকীৰ বিপৰীতে সমষ্টিটোত দলটোৰ নাই আন কোনো দাবীদাৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ এবাৰ অৱতীৰ্ণ হ'বলৈ সাজু হৈছে মন্ত্ৰী ৰঞ্জিত দত্ত ৷
পুনৰ বিহালী সমষ্টিৰ বিধায়ক হ'ব নেকি ৰঞ্জিত দত্ত ! - বিজেপি বিধায়ক ৰঞ্জিত দত্ত
৭৭ নং বিহালী সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰায় নিশ্চিত হৈ পৰিছে বৰ্তমান সমষ্টিটোৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ নাম ৷ মন্ত্ৰীগৰাকীৰ বিপৰীতে সমষ্টিটোত দলটোৰ নাই আন কোনো দাবীদাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ এবাৰ অৱতীৰ্ণ হ'বলৈ সাজু হৈছে মন্ত্ৰী ৰঞ্জিত দত্ত ৷
![পুনৰ বিহালী সমষ্টিৰ বিধায়ক হ'ব নেকি ৰঞ্জিত দত্ত ! পুনৰ বিহালী সমষ্টিৰ বিধায়ক হ'ব নেকি ৰঞ্জিত দত্ত !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10874614-717-10874614-1614877776964.jpg)
পুনৰ বিহালী সমষ্টিৰ বিধায়ক হ'ব নেকি ৰঞ্জিত দত্ত !
ইপিনে,দত্তৰ প্ৰাৰ্থীত্বৰ সম্ভাৱনা প্ৰবল হোৱাৰ খবৰ পোৱা মাত্ৰকে বিহালী সমষ্টিৰ বিজেপি কৰ্মকৰ্তাসকলৰ মাজত আনন্দ-উল্লাসে দেখা দিছে ৷ সমষ্টিটোত পুনৰ বিজেপি প্ৰাৰ্থী হিচাপে ৰঞ্জিত দত্তক জয়ী কৰাবলৈও সাজু হৈছে কৰ্মকৰ্তাসকল ৷ উল্লেখ্য যে, এইবাৰ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ২৩ হাজাৰ ২৭৯ ৷
লগতে পঢ়ক:বিধানসভা নিৰ্বাচনঃ শোণিতপুৰত নগদ ১,৭৮,৫০০ টকা জব্দ