বিশ্বনাথ,২৪ জুন:ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাটৰ ঘটনা(Wild elephant attacks in different parts of Assam) ৷ বিভিন্ন সময়ত বনৰীয়া হাতীৰ আক্ৰমণত বাসস্থান আনকি জীৱন পৰ্যন্ত হেৰুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এনে সংঘাতময় এলেকাৰ লোক সকলে ৷ শেহতীয়াকৈ বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ আৰু বিহালী সমষ্টিৰ ৰাংছালী হেলেম, গমিৰি, নেপালী বস্তী, নেপালী পথাৰ, জালুকবাৰী পথাৰকে আদি কৰি বিভিন্ন প্ৰান্তত ৩০/৩৫ জনীয়া এটা বনৰীয়া হাতীৰ জাকে যোৱা কেইবা দিনো ধৰি চলাই আহিছে তাণ্ডৱ ।
আন দিনাৰ দৰে বৃহস্পতিবাৰে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ওৰেটো নিশা তাণ্ডৱ চলাই ভাঙি লণ্ডভণ্ড কৰে বহুকেইটা পৰিয়ালৰ বাসগৃহ(Wild elephant demolishes residence in Bihali) । লগতে তামোল, নাৰিকল গছ ভাঙি খাই তহিলং কৰে হাতীৰ জাকটোৱে । হাতীৰ জাকটোৱে ৰাংছালী দলনী গাঁৱৰ উমাকান্ত খতিওৰাৰ এটা গৃহ সম্পূৰ্ণ ভাৱে ভাঙি নষ্ট কৰা লগতে বাৰীৰ তামোল পানৰো যথেষ্ট ক্ষতিসাধন কৰা পৰিলক্ষিত হয় ।