অসম

assam

By

Published : Aug 17, 2019, 3:02 PM IST

ETV Bharat / state

বিশ্বনাথৰ ৰাংছালীত বন্যহস্তীৰ তাণ্ডৱ

বিশ্বনাথৰ পূব বন সংমণ্ডল অধীনৰ ৰাংছালীত শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে নষ্ট কৰে বহু বিঘা ধান খেতি , বন বিভাগক খবৰ দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

biswanath men elephant conflict

বিশ্বনাথ, 17 আগষ্টঃ বিশ্বনাথৰ পূব বন সংমণ্ডল অধীনৰ ৰাংছালীত শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে বহু বিঘা ধান খেতি নষ্ট কৰাৰ লগতে কেইবা ঘৰ লোকৰ তামোল পাণৰ গছ ভাঙি লণ্ড ভণ্ড কৰে ।নিশা খাদ্যৰ সন্ধানত বিহালী বনাঞ্চলৰ পৰা ওলাই অহা হাতী জাকটোৰ ভিতৰত দুটামান হাতী ফাটি আহি ৰাংছালী গাঁৱৰ সিংহ জিৎ নামৰ কৃষকজনৰ খেতি পথাৰত সোমাই বহু ধান অনিষ্ট কৰা লগতে খাই তহিলং কৰে । ইফালে বনৰীয়া হাতীৰ জাকটো অঞ্চলটোত প্ৰৱেশ কৰাৰ কথা স্থানীয় ৰাইজে বৰগাং বন বিভাগক খবৰ দিছিল যদিও বৰ্তমান সময়লৈকে কোনো এজন বন বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

বিশ্বনাথৰ ৰাংছালীত বন্য হস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details