অসম

assam

By

Published : Aug 25, 2019, 2:19 PM IST

ETV Bharat / state

বিশ্বনাথত বন্যহস্তীৰ সন্ত্ৰাসঃ ভাঙি লণ্ড-ভণ্ড কৰিলে দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

সম্প্ৰতি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী-মানৱৰ সংঘাত । বনৰীয়া হাতীৰ জাকে ৭ টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ৷

বিশ্বনাথত বন্যহস্তীৰ সন্ত্ৰাসঃ ভাঙি লণ্ড-ভণ্ড কৰিলে দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

বিশ্বনাথ, 25 আগষ্টঃ সম্প্ৰতি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত । দৈনিক ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে মানুহৰ ঘৰ-দুৱাৰ‌ ভাঙি,শস্যৰ পথাৰ অনিষ্ট কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই থকাৰ সমান্তৰালভাৱে বিশ্বনাথ জিলাতো অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ । ইতিমধ্যে, বিশ্বনাথত বিগত কিছুদিন ধৰি কেইবাঠাইতো বন্যহস্তীয়ে মানুহৰ বাসস্থানৰ ক্ষতিসাধন কৰাৰ উপৰিও খেতিপথাৰ ধ্বংস কৰি আহিছে । শনিবাৰে পুৱতি নিশা বিশ্বনাথ মোনাবাৰীত এটা বনৰীয়া হাতীৰ জাকে 7 টাকৈ দুখীয়া পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ বিশ্বনাথত বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটাৰ ।

বিশ্বনাথত বন্যহস্তীৰ সন্ত্ৰাসঃ ভাঙি লণ্ড-ভণ্ড কৰিলে দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

ইফালে স্থানীয় ৰাইজে কৰ্তব্য পালনৰ ক্ষেত্ৰত বনবিভাগে চৰম হেমাহি কৰাৰ অভিযোগ তুলিছে ৷

ABOUT THE AUTHOR

...view details