বিশ্বনাথ, 31মে':নৱ গঠিত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে শপত গ্ৰহণ কৰিয়েই প্ৰতিটো বিভাগৰ লগতে জলসম্পদ বিভাগৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত তৎপৰ হোৱাৰ সময়তেই মন্ত্ৰী পীযুষ হাজৰিকা হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ । পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নাজিৰ আহমেদে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি মতে, ৰাজ্যৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ খহনীয়া অঞ্চলসমূহ জলসম্পদ বিভাগ আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা হাজৰিকাই পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লৈ আছে। মন্ত্ৰীগৰাকীয়ে উজনি অসমৰ প্ৰায়খিনি জিলাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে যদিও বিশ্বনাথ জিলাত উপস্থিত হৈয়ো বান-খহনীয়া অঞ্চল পৰিদৰ্শন নকৰাটো নৈপৰীয়া ৰাইজৰ বাবে ই এক অতি দুৰ্ভাগ্যজনক বিষয়।
বিগত কিছু দিনৰ পৰা বিশ্বনাথ সমষ্টিৰ কুমলীয়া, শিঙিমাৰী, শলমাৰী আৰু ভোজমাৰীত অব্যাহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া । বিশ্বনাথ-পানপুৰ মথাউৰিৰ প্ৰায় পঞ্চাশ মিটাৰ ওচৰতেই হোৱা অঞ্চলৰ খহনীয়া ৰোধৰ প্ৰতি জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক আৰু সাংসদে গুৰুত্ব নিদিয়াৰ বাবেই এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । বিগত দিনত এই অঞ্চলসমূহ খহনীয়াৰ কবলত পৰি বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান ইত্যাদি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাৰ পিচতো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে জলসম্পদ বিভাগে ।
2012 চনত বিশ্বনাথ-পানপুৰ মথাউৰি ছিঙি বিশ্বনাথ আৰু চতিয়া সমষ্টিৰ শতাধিক গাঁৱত ভয়াৱহ দুৰ্যোগ সৃষ্টি হোৱাৰ পাছতেই তদানীন্তন কংগ্ৰেছ চৰকাৰে প্ৰায় দুশ কোটি টকা আৱন্টন দি মথাউৰি নিৰ্মাণ আৰু জিঅ' বেগৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈকে বহু ঠাইত অসম্পূৰ্ণ হৈ থাকিল জিঅ' বেগৰ কাম । বিষয়া-ঠিকাদাৰ সকলৰ চৰম গাফিলতি আৰু জলসম্পদ বিভাগৰ অমনযোগিতাৰ ফলত এতিয়া ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে ।