বিশ্বনাথ,25 এপ্ৰিল: শেহতীয়াকৈ বিবাহ অনুষ্ঠানৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা ক’ভিড নিৰ্দেশনাৰ বাবে শনিবাৰে গহপুৰত অনুষ্টুপীয়াকৈ সম্পন্ন হয় এখন বিবাহৰ কাৰ্যসূচী ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি 100 গৰাকীতকৈ অধিক লোকক দেখা নগ’ল বিবাহৰ অনুষ্ঠানটোত ৷
সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি সম্পন্ন হোৱা এখন বিবাহ - biswanath news
শনিবাৰে গহপুৰত ক’ভিড প্ৰটক’ল মানি সম্পন্ন হয় এখন বিবাহ ৷ হাত ধুই, চেনিটাইজ কৰি, মুখত মাস্ক পৰিধান কৰি সকলোৱে বিয়াত আনন্দ-উপভোগ কৰা পৰিলক্ষিত হয় ৷
গহপুৰ বিবাহ
উল্লেখ্য যে, বিয়ালৈ অহা প্ৰতিগৰাকী ব্যক্তিয়েই পালন কৰিলে ক’ভিড প্ৰট’কল । হাত ধুই, চেনিটাইজ কৰি, মুখত মাস্ক পৰিধান কৰি সকলোৱে প্ৰৱেশ কৰিলে বিবাহস্থলীত । দৰা-কইনায়ো মাস্ক পৰিধান কৰি সজাগতা মানি চলা পৰিলক্ষিত হয় ৷ আনহাতে, বিয়াঘৰৰ চৌপাশে দেখা গ’ল ক’ভিডৰ বিৰুদ্ধে লিখি আঁৰি থোৱা সজাগতামূলক বেনাৰ-পোষ্টাৰ ।
লগতে পঢ়ক :তেজপুৰৰ নাও দুৰ্ঘটনাত সন্ধানহীন এজন