বিশ্বনাথ, ১৮ ডিচেম্বৰ : বিগত ১৪ নৱেম্বৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা "বিকশিত ভাৰত সংকল্প যাত্ৰা" কাৰ্যসূচী সোমবাৰে বিশ্বনাথ চাৰিআলিতো অনুষ্ঠিত হয় । বিশ্বনাথ চাৰিআলি পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সংকল্প যাত্ৰাৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল । বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী বিষয়া বিচিত্ৰা দাস, উপ-পৌৰপতি দীপক শইকীয়াৰ লগতে পৌৰসভাৰ নিৰ্বাচিত ৱাৰ্ড মেম্বাৰ, হিতাধিকাৰীসকল উপস্থিত থকা এই অনুষ্ঠানটি প্ৰথমতে ফিটা কাটি শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে । তাৰ পিচতে বিহু নৃত্য আৰু ঝুমুৰ নৃত্যৰ দুটি দলে মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰীগৰাকীক আদৰি আনে ।
বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰা আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে পঞ্চ সংকল্প পাঠ কৰা এই অনুষ্ঠানত নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি সভাৰ মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে কয়, দেশৰ দুৰ্গম অঞ্চলসমূহলৈকে চৰকাৰী আঁচনিসমূহৰ কাৰ্যকৰী প্ৰসাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই যাত্ৰা হৈছে এক পৰিৱৰ্তনশীল পদক্ষেপ । তেওঁ লগতে কয়, বিকশিত ভাৰত সংকল্প যাত্ৰাত গুৰুত্ব দিয়া হৈছে অনাময় সুবিধা, অত্যাৱশ্যকীয় বিত্তীয় সেৱা, বিদ্যুৎ সংযোগ, এলপিজি চিলিণ্ডাৰৰ প্ৰৱেশাধিকাৰ, দৰিদ্ৰ লোকসকলৰ বাবে বাসস্থান, খাদ্য সুৰক্ষা, সঠিক পুষ্টি, নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱাপানী আদিৰ দৰে কল্যাণমূলক আঁচনিসমূহৰ লাভ প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ কাষলৈ গৈ তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰা ।
তেওঁ লগতে আৰু কয়, ‘দুখীয়াক সহায় কৰাটো আমাৰ ধৰ্ম । দৰিদ্ৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্যাণকামী আচঁনিসমূহৰ জৰিয়তে দুখীয়াৰ সংজ্ঞাৰ পৰা সেই শ্ৰেণীৰ জনতাক উলিয়াই অনাৰ সংকল্প লৈছে আৰু বিকশিত ভাৰত গঢ়াৰ সপোন দেখিছে । সেইদৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বাংগীণ উন্নয়নৰ যোগেদি দেখা বিকশিত অসমৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে । ভাস্কৰজ্যোতি বৰাই আঁতধৰা অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি সন্মানীয় অতিথি তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ জিলাতো চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ দ্বাৰা জনসাধাৰণক কেনেদৰে উপকৃত কৰিব পৰা হৈছে বা কেনেদৰে উপকৃত কৰিব পৰা যায় সেই সম্পৰ্কে উল্লেখ কৰে ।