অসম

assam

ETV Bharat / state

বিহালী বনাঞ্চলত ৭০ সংখ্যাক বন মহোৎসবৰ সামৰণি

গ্ৰীণ চ'চাইটি আৰু ইক টাস্ক ফৰ্চৰ উদ্যোগত যোৱা ১ জুলাইৰ পৰা ৭ জুলাইলৈ উদযাপন কৰা বন মহোৎসবৰ দেওবাৰে বিহালী বনাঞ্চলত সামৰণি অনুষ্ঠানত অনুষ্ঠিত হৈ যায় । চ’ছাইটিৰ সভাপতি প্ৰেম লাল গঞ্জুৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে প্ৰচাৰ সচিব খগেন মটকে ।

বিহালী বনাঞ্চলত ৭০ সংখ্যাক বন মহোৎসবৰ সামৰণি

By

Published : Jul 7, 2019, 11:21 PM IST

বিহালী, 7 জুলাই: ১ জুলাইৰ পৰা আৰম্ভ হোৱা বন মহোৎসৱৰ দেওবাৰে বিহালী বনাঞ্চলত সামৰণি পৰে । উল্লেখ্য যে, গ্ৰীণ চ'চাইটি আৰু ইক টাস্ক ফৰ্চৰ উদ্যোগত যোৱা ১ জুলাইৰ পৰা ৭ জুলাইলৈ উদযাপন কৰা বন মহোৎসৱ দেওবাৰে বিহালী বনাঞ্চলত সামৰণি পৰে । চ’চাইটিৰ সভাপতি প্ৰেম লাল গঞ্জু য়ে সভাপতিত্ব কৰা সভাখন আঁতধৰে প্ৰচাৰ সচিব খগেন মটকে ।

বিহালী বনাঞ্চলত ৭০ সংখ্যাক বন মহোৎসবৰ সামৰণি

এই সজাগতা সভাত ভাষণ প্ৰদান কৰে ক্ৰমে এল ৰবৰ্ত সিং (L Robrt singh) সমাজ কৰ্মী ম;আলি হুচেইন, শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপক স্বপন শৰ্মা, উদ্দীপ্ত চৰাৰ সহকাৰী সম্পাদক অমৰ জ্যোতি ফুকন, চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি বাবুল গোৱালা, সমাজ কৰ্মী লংকীৰাম কিলিং, বনাঞ্চলিক বিষয়া চিকন্দৰ আলি,জেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা আদিয়ে ভাষণ প্ৰদান কৰে । অন্যহাতে বোৱা কটা সমাবায় সমিতিৰ মহিলা সমিতিৰ ৩০ গৰাকী সদস্যই অংশ গ্ৰহণ কৰা সভাখনত । গ্ৰীণ চচাইটি মুখ্য সম্পাদক লক্ষীকান্ত শৰ্মা, উপ সভাপতি জয় কুমাৰ সূতাৰ, দেৱ কান্ত খেৰোৱাৰ, সত্যনাথ বৰা প্ৰাক্তন সম্পাদক হলধৰ দাস, সদস্য ভৰত কটেল, শিক্ষক বিজয় লিম্বো, বিহালী আটছাৰ সম্পাদক ভগীৰথ গোৱালা, সঞ্জীৱ গোৱালা, সহকাৰী সম্পাদক, বিৰজু তছা, পিংকু তপ্ন, ছাদ্দাম হুচেইন, ৰঞ্জিত কুৰ্মী, মমিন কিছান,আকাশ মল্লিক, সঞ্জীৱ বিৰ্জা, মানৱ চাহু আদিয়ে অংশ অংশ গ্ৰহণ কৰে ।

বিহালী বনাঞ্চলত ৭০ সংখ্যাক বন মহোৎসবৰ সামৰণি

১ জুলাইত বৰগাং এভাৰগ্ৰীণ ইংৰাজী বিদ্যালয়ৰ, ৩ জুলাইত ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী মলেশ্বৰ দেৱালয়, বিহালী আৰক্ষী থানা,আৰু লোক প্ৰিয় হাইস্কুল,৫ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ, ৬ জুলাইত বিহালী মহাবিদ্যালয় আৰু আজি ৭ জুলাইত বিহালী বনাঞ্চলত সামৰণি পৰে । গ্ৰীণ ছ'চাইটি আৰু ইক টাস্ক ফৰ্চৰ এই পদক্ষেপক সচেতন ৰাইজে শলাগ লৈছে ৷

ABOUT THE AUTHOR

...view details