অসম

assam

ETV Bharat / state

ব্যাপক হাৰত টীকাকৰণৰ কাৰ্যসূচী বিশ্বনাথ জিলা প্ৰশাসনৰ - Biswanath District Administration initiative to make sure vaccination of covid warriors

ব্যাপক হাৰত টীকাকৰণ কাৰ্যসূচী হাতত লৈছে বিশ্বনাথ জিলা প্ৰশাসনে । আগশাৰীৰ কৰ্মী আৰু ক'ভিডত সহজে আক্ৰান্ত হ’ব পৰা ব্যক্তিক দিয়া হৈছে প্ৰাধান্য । জিলাখনত বৰ্তমানলৈকে ১,০৩,৭৩৮ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত ষাঠিৰ উৰ্দ্ধৰ ব্যক্তিক ১৭,৯৮৮ পালি, ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ লোকক ৪৪,৫৭৩ পালি আৰু ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ২২,৫৫৭ পালি প্ৰতিষেধক দিয়া হৈছে ।

Biswanath
ব্যাপক হাৰত টীকাকৰণৰ কাৰ্যসূচী বিশ্বনাথ জিলা প্ৰশাসনৰ

By

Published : Jun 18, 2021, 9:29 PM IST

বিশ্বনাথ,১৮ জুন:সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিখন জিলাতে অব্যাহত আছে টীকাকৰণ(Vaccination) অভিযান । বিশ্বনাথ জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে টীকাকৰণৰ বিশেষ পদক্ষেপ । ক'ভিড(Covid) মহামাৰীৰ যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া ক'ভিড যোদ্ধা(Covid Warriors) অৰ্থাৎ আগশাৰীৰ কৰ্মীসকলৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে ব্যাপক টীকাকৰণ অভিযান । তেওঁলোকৰ বাবে নিয়মীয়া টীকাকৰণ শিৱিৰৰ আয়োজন কৰি আহিছে প্ৰশাসনে ।

ক'ভিড যোদ্ধাৰ অন্যতম সকলো স্বাস্থ্যকৰ্মী(Health Worker) আৰু আৰক্ষীৰ লোকসকলক টীকাকৰণ প্ৰদান সম্পূৰ্ণ কৰাৰ পাছত বৰ্তমান প্ৰশাসনে জেষ্ঠ্য নাগৰিক, অঙ্গনৱাড়ী কৰ্মী, অঙ্গনৱাড়ী সহায়িকা, দিব্যাঙ্গ ব্যক্তি, চাহ বাগিছাৰ কৰ্মী, পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী,ফাৰ্মাচীৰ কৰ্মচাৰী, ই-বাণিজ্যৰ সৈতে জড়িত কৰ্মচাৰী, গেছ এজেন্সিৰ কৰ্মচাৰী আদিক টীকাকৰণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে ।

ব্যাপক হাৰত টীকাকৰণৰ কাৰ্যসূচী বিশ্বনাথ জিলা প্ৰশাসনৰ

শেহতীয়াকৈ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ তত্বাৱধানত কাৰাগাৰৰ কয়দী আৰু বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলৰ বাবে টীকাকৰণ শিৱিৰৰ(Vaccination Camp) আয়োজন কৰা হয় । তদুপৰি, বয়োজ্যেষ্ঠ লোক আৰু গুৰুতৰভাৱে ৰোগাক্ৰান্তলোকক নিজ গৃহতে যাতে টীকাকৰণৰ ব্যৱস্থা কৰিব পৰা যায় তাৰ বাবে জিলা প্ৰশাসনে ভ্ৰাম্যমান টীকাকৰণৰ ব্যৱস্থা কৰিবৰ বাবে পৰিকল্পনা কৰি আছে । ক'ভিড ৰোগাক্ৰান্ত এলেকাসমূহত ‘ঘৰৰ ওচৰৰ প্ৰতিষেধক কেন্দ্ৰ’ স্থাপনৰ বাবেও আঁচনি যুগুতোৱা হৈছে ।

ব্যাপক হাৰত টীকাকৰণৰ কাৰ্যসূচী বিশ্বনাথ জিলা প্ৰশাসনৰ

অতিৰিক্ত উপায়ুক্ত তথা টীকাকৰণৰ ভাৰপ্ৰাপ্ত বিষয়া ড: সুৰ্য কমল বৰাই প্ৰকাশ কৰা মতে জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা লোকসকলক টীকাকৰণৰ ক্ষেত্ৰত প্ৰাধান্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই লোকসকলৰ বাবে টীকাকৰণ কেন্দ্ৰলৈ গৈ প্ৰতিষেধক গ্ৰহণ কৰাটো সম্ভৱ নহ’ব পাৰে, সেয়েহে তেওঁলোকৰ বাবে বিশেষ টীকাকৰণ অভিযান চলোৱা হৈছে য’ত প্ৰতিষেধক লোৱাটো তেওঁলোকৰ বাবে বাধ্যতামূলক কৰা হৈছে বুলি অৱগত কৰে ড: বৰাই । তেখেতে লগতে জনোৱা মতে গৃহহীন ব্যক্তি, শিশু যতন কেন্দ্ৰৰ কৰ্মী আৰু ক'ভিড ৰোগাক্ৰান্ত এলেকাসমূহৰ আশে-পাশে থকা লোকক প্ৰতিষেধকৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হৈছে ।

সহকাৰী আয়ুক্ত কঙ্কণা শইকীয়াই প্ৰকাশ কৰা মতে জিলাখনত বৰ্তমানলৈকে ১,০৩,৭৩৮ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত ষাঠিৰ উৰ্দ্ধৰ ব্যক্তিক ১৭,৯৮৮ পালি, ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ লোকক ৪৪,৫৭৩ পালি আৰু ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ২২,৫৫৭ পালি প্ৰতিষেধক দিয়া হৈছে ।

ইয়াৰ উপৰিও সাতটা সংহত শিশু উন্নয়ন সেৱা খণ্ড চিনাক্ত কৰা হৈছে য’ত কেৱল অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাক প্ৰতিষেধক প্ৰদান কৰা হৈছে । জিলা প্ৰশাসনে ম'বাইল ফোনৰ জৰিয়তে ক'ভাক্সিন(Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি ল’বলগীয়াসকললৈ বাৰ্তা প্ৰেৰণ কৰি খবৰ দিয়াৰো ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক:ৰূপজ্যোতিৰ পিছে পিছে বিজেপিমুখী দুই কংগ্ৰেছ বিধায়ক !

ABOUT THE AUTHOR

...view details