অসম

assam

ETV Bharat / state

গহপুৰত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন - জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

গহপুৰৰ ভোলাগুৰিত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক উৎপল বৰাই ৷ বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ বিধায়ক বৰা ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন পুঁজি দ্বাৰা অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে নিৰ্মাণ হ'ব জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্প ৷

গহপুৰত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন
গহপুৰত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

By

Published : Feb 11, 2021, 10:19 PM IST

বিশ্বনাথ, 11 ফেব্ৰুৱাৰী:জাতিএটাৰ মেৰুদণ্ড স্বৰূপ কলা-সংস্কৃতিৰ ঐতিহ্যমণ্ডিত ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা এখন সঠিক মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যথেষ্ট অৰিহনা আগবঢ়াইছে বুলি মন্তব্য কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই ৷

ভোলাগুৰি অঞ্চলৰ জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ভোলাগুৰিত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সমষ্টিটোৰ বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে ৷ বৰাই মন্তব্য কৰে যে, এটা জাতিৰ মেৰুদণ্ড স্বৰূপ কলা সংস্কৃতিৰ ঐতিহ্যমণ্ডিত ধাৰা অব্যাহত ৰাখিবলৈ হ'লে আগ্ৰহ আৰু ত্যাগৰ প্ৰয়োজন ৷ কলা সংস্কৃতিৰ এই ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সঠিক মঞ্চখন বিজেপিয়ে যোগান ধৰিছে বুলিও বৰাই মন্তব্য কৰে ৷

বৃহস্পতিবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন পুঁজি (SOPD) দ্বাৰা আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে নিৰ্মাণ হ'বলগীয়া ভোলাগুৰি অঞ্চলৰ জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিসম্বাদ চলিছেঃ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details