অসম

assam

Union Minister Sonowal at Biswanath: বিশ্বৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল বিজেপি: সোণোৱাল

By

Published : Jan 21, 2023, 9:18 PM IST

Updated : Jan 21, 2023, 9:59 PM IST

বিশ্বনাথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিশ্বনাথৰ তিনিটা সমষ্টিৰ তিনি বিধায়কে উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক । বিশ্বনাথত প্ৰধানমন্ত্ৰী প্ৰশংসাত পঞ্চমুখ মন্ত্ৰীগৰাকী ৷ বিশ্বৰ আন আন দেশৰ ৰাজনীতি নেতাসকলতকৈ আটাইতকৈ জনপ্ৰিয় নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত বিজেপি দলত সেৱা কৰিবলৈ পাই ভাগ্যবান বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

Union Minister Sonowal at Biswanath
বিশ্বনাথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিশ্বনাথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিশ্বনাথ, 21 জানুৱাৰী:আজি বিশ্বনাথত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal) । বিশ্বনাথ জিলা বিজেপিয়ে কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা আদৰণি সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিশ্বনাথ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ক্ৰমে বিহালী, বিশ্বনাথ আৰু গহপুৰ সমষ্টিৰ বিজেপি কৰ্মীৰ লগতে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ বিধায়ক উৎপল বৰাই উষ্ম আদৰণি জনায়(Union Minister Sonowal at Biswanath) ।

সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহুৱাকৈ বিজেপি কৰ্মী সকলক উদ্দেশ্য কৰি কয়- "আমি যিটো দলত কাম কৰি আছোঁ এইটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল । বিশেষকৈ বিশ্বৰ আন আন দেশৰ ৰাজনীতি নেতাসকলতকৈ আটাইতকৈ জনপ্ৰিয় নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত আমি এই দলত সেৱা কৰিবলৈ পাই ভাগ্যবান" । তেওঁ লগতে মানৱ শক্তি একগোট কৰি বিশ্বজয় কৰিব লাগিব বুলি মন্তব্য কৰে ।

তেওঁ কয় যে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়া আমাৰ পৰিস্থিতি সলনি হ’ব, আমি কাম কৰিব লাগিব । লগতে যি মানুহে কাম কৰে তেওঁ সদায় পৰিবৰ্তন দেখা পায় বুলি তেওঁ উল্লেখ কৰে । আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতে কামে লাগি পৰিৱৰ্তন আনিলে বুলি কৈ তেওঁ বিশ্ব মানৱ সমাজে প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধা কৰে বুলি উল্লেখ কৰে । তেওঁ কৰা ত্যাগ কষ্টৰ ফলত ভাল কাম কৰিবলৈ ৰাইজে দিছে ৰাজহুৱা ধন আত্মাৎ কৰিবলৈ ৰাইজে ভোট দিয়া নাই বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, ভাল কাম হৈছে বাবে আজি তেওঁ আগবাঢ়ি গৈছে । ভাল কাম কৰিলে ভাল ফল পাই বেয়া কাম কৰিলে ফল পায় । সদায় সমাজৰ হৈ কাম কৰিব লাগিব । ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত আমি কাম কৰোঁ । যি কৰিম ভাল কাম কৰিম । অহা 2024ৰ লোকসভা নিৰ্বাচনত আমি ভাল ফল পাম বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিখন ৰাজ্যক সমান চকুৰে চাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত চৰকাৰে সকলোকে সমান চকুৰে চাই উন্নয়ন কৰি আহিছে । কিন্তু কংগ্ৰেছৰ চৰকাৰ দিনত কংগ্ৰেছে কোনো গুৰুত্ব দিয়া নাছিল উত্তৰ পূৰ্বাঞ্চলক । কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া দায়িত্ব ল’লে । সেই দিনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ সহায় কৰি উন্নয়ন কৰি আহিছে । আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কষ্ট কৰি গৈছে অসমৰ বাবে তাক আমি ক’ব লাগিব ।

ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে বৰাক ব্ৰহ্মপুত্ৰ উন্নতিৰ বাবে সকলোৱে কাম কৰক বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । আজিৰ এই সভাত জিলা বিজেপিৰ সভাপতি পংকজ বৰা, চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দিগন্ত ঘাটোৱাৰ প্ৰমুখ্যে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক:UNESCO World Heritage Site: বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে মনোনীত চৰাইদেউ মৈদাম

Last Updated : Jan 21, 2023, 9:59 PM IST

ABOUT THE AUTHOR

...view details