অসম

assam

By

Published : Jul 3, 2022, 2:02 PM IST

ETV Bharat / state

হেলেম থানাৰ সন্মুখত আৰক্ষীয়ে অৰুণাচলী সুৰা জব্দ কৰা ট্ৰাকত অগ্নিসংযোগ

বিহালীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পুৱতি নিশা হেলেম থানাৰ সন্মুখতে দুৰ্বৃডত্তই জ্বলাই দিলে আৰক্ষীয়ে জব্দ কৰা দুখনকৈ ট্ৰাক(Truck burned in front of Helem police station) । ২৫ জুনত বিহালী আৰক্ষীয়ে জব্দ কৰিছিল অৰুণাচলী সুৰাসহ ট্ৰাক দুখন(Bihali police seized two trucks loaded with Arunachali liquor) ।

Unidentified miscreants torched two seized trucks in Gohpur's Helem
হেলেম থানাৰ সন্মুখত আৰক্ষীয়ে জব্দ কৰা অৰুণাচলী সুৰা কঢ়িওৱা ট্ৰাকত অগ্নিসংযোগ

বিহালী,৩ জুলাই:হেলেম আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা । আৰক্ষী থানাৰ সন্মুখতে ৰখাই থোৱা অৱস্থাত অজ্ঞাত দুৰ্বৃত্তই জ্বলাই দিয়ে দুখনকৈ ট্ৰাক(Truck burned in front of Helem police station) । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা হৈছিল ট্ৰাক দুখন । আৰক্ষীয়ে জনোৱা অনুসৰি পুৱতি নিশা প্ৰায় ২:১৫ বজাত জ্বলি উঠে ট্ৰাক দুখন ।

আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও ভস্মীভূত ট্ৰাকদুখনৰ কেবিন দুটা । অগ্নিকাণ্ড সংঘটিত হোৱা ট্ৰাক দুখনৰ নম্বৰ MN-01-9547 আৰু AS01NC-4286 । হেলেম থানাই থানাৰ সন্মূখৰ ১৫ নং ৰাষ্ট্ৰীয় পথত ৰখাই থোৱা গাড়ী দুখন কোনে কি কাৰণত অগ্নিসংযোগ কৰে সেই বিষয়ে বৰ্তমানো কোনো তথ্য পোহৰলৈ অহা নাই ।

হেলেম থানাৰ সন্মুখত আৰক্ষীয়ে জব্দ কৰা অৰুণাচলী সুৰা কঢ়িওৱা ট্ৰাকত অগ্নিসংযোগ

উল্লেখ্য যে যোৱা ২৫ জুনত অবৈধ অৰুনাচলী সুৰাৰ সৈতে বিহালী আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাক দুখন(Bihali police seized two trucks loaded with Arunachali liquor) । অৰুণাচলৰ বান্দৰদেৱাৰ পৰা মণিপুৰলৈ গৈ থকা অৱস্থাত বিহালী আৰক্ষীয়ে জব্দ কৰিছিল দুয়োখন ট্ৰাক । প্ৰায় ১৫০০ কাৰ্টন সুৰাৰে ভৰ্তি ট্ৰাক দুখন বিহালী আৰক্ষীয়ে গতাই দিছিল হেলেম আৰক্ষীক । কিন্তু হেলেম আৰক্ষী থানাৰ সন্মুখত ৰকাই থোৱা অৱস্থাত ট্ৰাক দুখনত কোনে কি কাৰণত অগ্নিসংযোগ কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ ।

লগতে পঢ়ক:বিহালীত অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ

For All Latest Updates

ABOUT THE AUTHOR

...view details