এজাক বৰষুণতে খহি পৰিল পকী দলংঃ পনবন্দী কেইবাখনো গাঁৱৰ ৰাইজ
ৰঙাপাৰাত নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা দলং খহি পৰাত ব্যাহত হৈ পৰিছে
ৰঙাপাৰা, ৩ জুলাইঃ কালি নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা জৰাসৰ নদীৰ বাঢ়নি পানীয়ে ভাঙি পেলায় মোলানগাঁও কলনী চাহ বাগিচা আৰু ৰঙাপৰা সংযোগী একমাত্ৰ পকী দলংখন । যোৱা কিছুদিন পূৰ্বে নিৰ্মাণ কৰা পকী দলংখনে জৰাসৰ নৈৰ বাঢ়নি পানীৰ প্ৰৱল সোঁত সহ্য সহিব নোৱাৰি মাজ ভাগতে ভাঙি পৰে । ইয়াৰ ফলত আজি পুৱাৰে পৰা উক্ত পথচোৱাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাৰ লগতে মোলানগাঁও, ওপৰ মোলানগাঁও, মোলানগাঁও কাছাৰী আদি গাঁৱৰ ৰাইজ পনবন্দী হৈ পৰে। উল্লেখযোগ্য যে, অতি নিম্নমানৰ সামগ্ৰীৰে দলংখন নিৰ্মাণ কৰা বাবেই দলংখন খহি পৰে বুলি ৰাইজে অভিযোগ কৰিছে । ইতিমধ্যে স্থানীয় ৰাইজে যাতায়তৰ সুবিধাৰ অৰ্থে বাহেঁৰে নিৰ্মাণ কৰি লোৱা দলংখনো নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াত বিপাঙত পৰিছে কেইবাখনে গাঁৱৰ ৰাইজ । অতি গুৰুত্বপূৰ্ণ যে জৰাসৰ নদীৰ দুয়োপাৰে বসবাস কৰি থকা মোলানগাঁও, মোলানগাঁও কাছাৰী, ভোবোলা বঙালী আৰু উপৰ মোলানগাঁৱকে ধৰি এক বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে নদীৰ ওপৰত পকী দলংৰ অভাৱত দীৰ্ঘদিন ধৰি চৰম দুৰ্ভোগ ভুগি আহিছিল। কিন্ত কালি নিশা দলংখন ভাঙি পৰাত স্থানীয় ৰাইজে পুনৰ একে সমস্যাৰে সন্মুখীন হ'ব লগা হৈছে । সেয়ে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক পুনৰ দলংখন নিৰ্মাণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।