অসম

assam

ETV Bharat / state

শাসক বিৰোধী উভয়ৰে চূড়ান্ত প্ৰতাৰণাৰ বলি বিশ্বনাথৰ ৰাইজ - বিশ্বনাথৰ চতিয়াৰ পশ্চিম কুৰুৱাআতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উপহাৰ পালে এখন মৰণফান্দ সদৃশ দলং

বৃহৎ ফাটেৰে সৈতে বিশ্বনাথত এখন ধলংপলং দলং ৷ মৰণফান্দ সদৃশ দলং খনক লৈ অনিশ্চয়তাত বিশ্বনাথৰ ৰাইজ ৷ ৰাইজৰ অভিযোগ দলং খনৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল অতি নিম্নমানৰ কাঠ ৷ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীয়ে ভৰা নৈ সাতুঁৰি পাৰ হৈ বিদ্যালয়লৈ অহাযোৱা আশংকাই দুশ্চিন্তাত পেলাইছে বিশ্বনাথবাসী ৰাইজক ৷

শাসক বিৰোধী উভয়ৰে  চূড়ান্ত প্ৰতাৰণাৰ বলি বিশ্বনাথৰ ৰাইজ
শাসক বিৰোধী উভয়ৰে চূড়ান্ত প্ৰতাৰণাৰ বলি বিশ্বনাথৰ ৰাইজ

By

Published : Sep 9, 2020, 9:33 PM IST

বিশ্বনাথ 9 চেপ্টেম্বৰ:ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বলি হৈ বিশ্বনাথৰ চতিয়াৰ পশ্চিম কুৰুৱাআতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উপহাৰ পালে এখন মৰণফান্দ সদৃশ দলং ৷ 2018 চনত পোন প্ৰথম বাৰৰ বাবে ইটিভি ভাৰত অসমত পশ্চিম কুৰুৱাআটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে টৌ গামলাৰে নদী পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰাৰ বিপদসংকুল যাত্ৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে দলং নিৰ্মাণৰ বাবে শাসক বিৰোধী উভয়ে যথেষ্ঠ তৎপৰ হৈ উঠিছিল ৷ সেই অনুসৰি একেটা পথতে চতিয়াৰ পলশনী গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল অহা যোৱা কৰিবলৈ ঘিলাধাৰী নৈৰ ওপৰত আৰম্ভ হৈছিল দুখনকৈ দলং নিৰ্মাণৰ কাম ৷ সময়ত শাসকীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ দ্বাৰা নিৰ্মাণ কৰা দলংখন সম্পূৰ্ণ হৈ উঠিল যদিও কংগ্ৰেছ দলৰ সাংসদ ৰিপুন বৰাই নিজৰ শিতানৰ পৰা লক্ষাধিক টকাৰে আবন্টন দিয়া দলংখনৰ আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল ৷

লগতে পঢ়ক :বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং

এতিয়া নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওঁতেই শাসকীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ দ্বাৰা নিৰ্মাণ কৰা দলংখনত এটা সামান্য দুৰ্ঘটনাতে বৃহৎ বৃহৎ ফাট ওলোৱাৰ লগতে দলং খন ধলং পলং হৈ পৰাত অঞ্চলবাসী ৰাইজে ত্ৰাহি মধূসুদন সোঁৱৰিছে ৷ অঞ্চলবাসী ৰাইজৰ অভিযোগ দলং খনৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল অতি নিম্নমানৰ কাঠ ৷ গাড়ী দুৰ্ঘটনাৰ পিছত গাড়ীৰ গৰাকীৰ পৰা সামান্য ধন গাঁৱৰ ৰাইজে দলং মেৰামতিৰ বাবে সংগ্ৰহ কৰিলে বুলি এটা মহলে দাবী কৰে যদিও কোনো মেৰামতি নকৰাত যিকোনো মুহুৰ্ততে দলংখনৰ দুয়োটা মুৰ চিঙি যোৱাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে ৷

ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সাংসদ, ৰিপুণ বৰাৰ সাংসদ পুঁজিৰ বিশ লাখ টকা ব্যয়ৰে কোনো ফলক নলগোৱাকৈ ইয়াত এখন দলং নিৰ্মাণ কৰা হ’ল যদিও দলং খনৰ দুই মূৰ মাটিৰে সম্পূৰ্ণ নকৰাত দলং খনৰে আজিও অহা যোৱা কৰিব পৰা হোৱা নাই ৷ একাংশ ৰাইজৰ দাবী বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি তথা বিশ্বনাথ সমষ্টিৰ কংগ্ৰেছ দলৰ অন্যতম টিকট দাবী দাৰ দিলীপ বৰুৱাই দলং নিৰ্মাণৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ বাবেই দলং খন আজিও সম্পূৰ্ণ হৈ নুঠিল ৷

মৰণফান্দ সদৃশ দলং খনক লৈ অনিশ্চয়তাত বিশ্বনাথৰ ৰাইজ

টৌ গামলাৰ ভিতৰত সোমাই বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী অহাযোৱা কৰাৰ বাতৰিয়ে ৰাজ্য জোকাৰি যোৱাৰ পিছতো অতি নিম্নমানৰ কাঠেৰে দলং খন নিৰ্মাণ কৰা কাৰ্যই এতিয়া যথেষ্ঠ তাৎপৰ্য বহন কৰিছে ৷ দলংখন যিকোনো মূহুৰ্ততে খহি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে এতিয়া আকৌ সেই পুৰনি অধ্যায়েৰে ভৰা নৈ সাতুঁৰি পাৰ হৈ বিদ্যালয়লৈ অহাযোৱা আশংকাই দুশ্চিন্তাত পেলাইছে বিশ্বনাথবাসী ৰাইজক ৷

লগতে পঢ়ক :17 শতিকাত বৰৰাণী ফুলেশ্বৰীয়ে স্থাপন কৰা বজালীৰ কালী মন্দিৰটো....

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details