অসম

assam

বিহালীৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী কিশোৰীক উদ্ধাৰ

By

Published : May 31, 2022, 9:53 PM IST

বিহালীৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল বিহালী আৰক্ষী(Teenagers missing from Bihali rescued) ৷ বিগত 12 মে'ত বিহালীৰ ৰঙাগড়ৰ পৰা নিৰুদ্দেশ হৈছিল কিশোৰী দুগৰাকী ৷

two-teenager-missing-in-bihali-rescued-from-arunachal
বিহালীৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী কিশোৰীক উদ্ধাৰ

বিহালী, 31 মে' :অৱশেষত উদ্ধাৰ হ'ল বিহালীৰ পৰা নিৰুদ্দেশ দুগৰাকী কিশোৰী ৷ উল্লেখ্য যে, বিগত 12 মে'ত বিহালীৰ ৰঙাগড়ৰ পৰা নিৰুদ্দেশ হৈছিল কিশোৰী দুগৰাকী ৷ ইয়াৰ পিছতে পৰিয়ালৰ লোকে কিশোৰী দুগৰাকীৰ কোনো সন্ধান লাভ নকৰাত বিহালী থানাত এখন এজাহাৰ দাখিল কৰে ৷

ইয়াৰ পিছতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ অনুসন্ধান অব্যাহত ৰাখে ৷ ইয়াৰ পিচতে বিশ্বনাথ আৰু বিহালী আৰক্ষীৰ যুটীয়া অভিযানত স্থায়ী তদন্তৰ সূত্ৰে 29 মে'ত কিশোৰী দুগৰাকীৰ সন্ধান লাভ কৰে আৰক্ষীয়ে ৷

বিহালীৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী কিশোৰীক উদ্ধাৰ

তথ্য মতে, অৰুণাচল প্ৰদেশৰ নাহৰলগুনত আছিল কিশোৰী দুগৰাকী ৷ এই তথ্য লাভ কৰাৰ পিচতেই লগে লগে বিহালী বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে আৰু এটি আৰক্ষীৰ দল উক্ত স্থানলৈ ৰাওনা হৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Two teenager missing in Bihali rescued from Arunachal) ৷

আনহাতে, 30 মে'ৰ দিনা বিহালী বৰগাঙত উপস্থিত হৈ কিশোৰী দুগৰাকীক আৰক্ষীয়ে সোধ-পোচৰ অন্তত পৰিয়ালৰ হাতত গতাই দিয়ে ৷ ইফালে, বিশ্বনাথ জিলা আৰু বিহালী আৰক্ষীৰ এনে সফলতাত ধন্যবাদ জ্ঞাপন কৰে একাংশ স্থানীয় ৰাইজে ।

লগতে পঢ়ক :পাঁচ দিনৰ পিছতো সন্ধান পোৱা নাই জি এম চি এইচৰ পৰা অন্তৰ্ধান হোৱা ৭মহীয়া শিশুটিৰ

ABOUT THE AUTHOR

...view details