বিশ্বনাথ, 10 এপ্ৰিল:বিশ্বনাথত পুনৰ ক'ভিড-19 ত আক্ৰান্ত দুগৰাকী লোক ৷ আক্ৰান্ত দুগৰাকীৰ এগৰাকী বিশ্বনাথ মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ ছাত্ৰী আৰু ৰতন বসুমতাৰী বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, শনিবাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ মহাবিদ্যলয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈছিল ৷ আৰু এই পৰীক্ষাতে ছাত্ৰী গৰাকী ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷ ইফালে ওদালগুৰি জিলাৰ ৰতন বসুমতাৰী নামৰ লোক গৰাকীয়ে ৰে'লত বাদাম বিক্ৰী কৰি বিশ্বনাথ চাৰিআলি ৰে'ল ষ্টেচনত নামিছিল আৰু বিশ্বনাথৰ ৰে’ল ষ্টেচনত কৰা ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফলত ব্যক্তি গৰাকী ক’ভি়ড-19 ত আক্ৰান্ত বুলি চিনাক্ত হয় ৷