বিহালী, 7 মে’:একাশী দিনৰ পূৰ্বে সংঘটিত এক ধৰ্ষণকাণ্ডৰ অভিযোগত বিহালী আৰক্ষীয়ে আটক কৰিলে দুজনক (Two men arrested for raping minor girl in Bihali ) ৷ অভিযোগ অনুসৰি, বিগত 13 ফেব্ৰুৱাৰী তাৰিখে বিহালীৰ বিহমাৰীত সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড (Rape case at Behali) ৷ এগৰাকী মাতৃহীনা 17 বছৰীয়া কিশোৰীক লখিমপুৰৰ দুজন যুৱকে ঘৰৰ পৰা ৰাতি উঠাই নি ধৰ্ষণ কৰিছিল ৷
লগতে শাৰীৰিকভাৱে অত্যাচাৰ কৰি ঘৰৰ পিছফালে মুমূৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল কিশোৰীগৰাকীক । তাৰ পিছত কিশোৰীগৰাকীৰ পিতৃৰ লগতে পৰিয়ালৰ লোকে কিশোৰীগৰাকীক পথাৰৰ পৰা উঠাই আনে ৷ লগতে বিহালী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷
অতি সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বিহালীৰ পৰা স্থানান্তৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰোৱা হৈছিল ৷ উল্লেখ্য যে, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা গোলাপ দাসৰ পৰিয়ালটোৱে বিভিন্ন দল সংগঠনৰ সহযোগত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছিল ৷