অসম

assam

ETV Bharat / state

Vaccination drive in Biswanath: বিশ্বনাথত টীকাকৰণৰ সুবিধাৰ্থে দুখন বলেৰো পিকআপ ভান উন্মোচন - Two immunization bolero pickup vans provided

বিশ্বনাথৰ ভিতৰুৱা অঞ্চলৰ জনসাধাৰণক উপকৃত কৰাৰ উদ্দেশ্যেৰে বিশ্বনাথ অসামৰিক চিকিৎসালয়স্থিত টীকাকৰণ বিষয়াৰ কাৰ্যালয়ত সোমবাৰে টীকাকৰণৰ বাবে দুখন বলেৰো পিক আপ ভান মুকলি কৰা হয়(Two immunization bolero pickup vans provided) । বিশ্বনাথ জিলাৰ যুটীয়া সঞ্চালক ডাঃ নাৰায়ণ চন্দ্ৰ মহন্তই কৰিলে উন্মোচন(Two bolero pick up vans officially open for vaccination) ।

two immunization bolero pickup vans provided at bishwanath district
বিশ্বনাথ জিলা টীকাকৰণ বিষয়াৰ কাৰ্যালয়ত টীকাকৰণৰ সুবিধাৰ্থে দুখন বলেৰো পিকআপ ভান উন্মোচন

By

Published : Jul 19, 2022, 12:44 PM IST

বিশ্বনাথ,১৮ জুলাই:বিশ্বনাথ জিলাৰ বিশ্বনাথ অসামৰিক চিকিৎসালয়স্থিত টীকাকৰণ বিষয়াৰ কাৰ্যালয়ত সোমবাৰে টীকাকৰণৰ বাবে দুখন বলেৰো পিক আপ ভান আনুষ্ঠানিকভাৱে মুকলি কৰা হয়(Two bolero pick up vans officially open for vaccination) । জিলা টীকাকৰণ বিষয়া ডা.মীনা বৰাৰ তত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানত স্বাস্থ্য বিভাগৰ শোণিতপুৰ জিলাৰ যুটীয়া সঞ্চালক ডাঃ নাৰায়ণ চন্দ্ৰ মহন্তই বাহন দুখনৰ ফিটা কাটি উন্মোচন কৰি কয় যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ তাৰিখে ক'ভিড ১৯ ৰ অমৃত মহোৎসৱ অনুষ্ঠান মুকলি কৰিছে ।

বিশ্বনাথত টীকাকৰণৰ সুবিধাৰ্থে দুখন বলেৰো পিকআপ ভান উন্মোচন

তাৰ লগত সংগতি ৰাখি বৰ্তমান কোভিড ১৯ প্ৰতিষেধকৰ সুৰক্ষামুলক তৃতীয় পালি প্ৰতিষেধক ১৮ বছৰৰ উৰ্ধৰ লোকক প্ৰদান কৰি থকা হৈছে । লগতে ১২ বছৰৰ পৰা ১৮ বছৰলৈকেও ক'ভিড ১৯ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে । প্ৰায়বোৰ অঞ্চলৰ ব্যক্তিগত চিকিৎসালয়ত তৃতীয় পালি প্ৰতিষেধক দি থকা হৈছে যদিও বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চল সমূহত যোগাযোগৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি "উইছ" নামৰ ফাউণ্ডেশ্যনৰ দ্বাৰা দুখন ভেনৰ ব্যৱস্থা কৰি দিছে(Two immunization bolero pickup vans provided) ।

চৰ চাপৰি আদি সকলো ভিতৰুৱা অঞ্চলত তৃতীয় পালি প্ৰতিষেধক আৰু ক'ৰবাত যদি দ্বিতীয় পালি প্ৰতিষেধক লাভ নকৰা ব্যক্তি আছে এই সকলো লোককে সামৰি বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিব । এই সুবিধাৰ বাবে ভিতৰুৱা অঞ্চলৰ জনসাধাৰণ উপকৃত হব । বৰ্তমান সময়ত কাৰ্যালয়ত থকা কোভিড ১৯ৰ প্ৰতিষেধক প্ৰদানৰ বাবে থকা বাহন দুখনৰ জড়িয়তে সকলো ভিতৰুৱা অঞ্চল সামৰি প্ৰতিষেধক প্ৰদানৰ সফল ৰূপায়ন কৰিব পাৰিব বুলি উল্লেখ কৰে স্বাস্থ্য বিভাগৰ শোনিতপুৰ জিলাৰ যুটীয়া সঞ্চালকগৰাকীয়ে ।

জিলা প্ৰতিষেধক বিষয়া ডা. মীনা বৰাই সাংবাদিকক জানিবলৈ দিয়া মতে, গহপুৰ,বিহালী আৰু বিশ্বনাথক সামৰি বিশ্বনাথ জিলা কাৰ্যালয়ৰ তত্বাৱধানত ক'ভিড ১৯ প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে । গহপুৰ অঞ্চলটো বৃহত্তৰ হোৱা হেতুকে এখন ভেন গহপুৰৰ বাবে আৰু আনখন বিহালী আৰু বিশ্বনাথৰ বাবে ব্যৱহাৰ কৰা হ'ব । এই কাৰ্যালয়ৰ তত্বাৱধানত কেইবাটাও গোট গঠন কৰা হৈছে । এই গোট সমূহে এতিয়াৰ পৰা যোগাযোগৰ অসুবিধা থকা সকলো চৰ চাপৰি অঞ্চলক সামৰি প্ৰতিষেধক চেন্টাৰ সমুহৰ লগতে জনসাধাৰণৰ ওচৰলৈ গৈ তৃতীয় পালি আৰু ক'ৰবাত ৰৈ যোৱা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাম সম্পূৰ্ণ কৰিব পাৰিব ।

লগতে পঢ়ক:Dead turtle Rescued at Amguri: আমগুৰিত দুৰ্বৃত্তৰ কাছ নিধন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details