বিশ্বনাথ, 17 জুন :বৃহস্পতিবাৰে গহপুৰত দুই চৰাই চিকাৰীক আটক কৰে গহপুৰ আৰক্ষীয়ে ৷AR-01J-9030 নম্বৰৰ এখন বিলাসী বাহন লৈ চিকাৰৰ বাবে আহিছিল এই দুই চিকাৰী ৷ গহপুৰ আৰক্ষীয়ে সদৰি কৰা মতে দুই চিকাৰীৰ নাম ক্ৰমে অৰুণাচল প্ৰদেশৰ বিৰি লাংলিন আৰু গহপুৰ হালধীবাৰীৰ সংগ্ৰাম বসুমতাৰী ৷
গহপুৰ ৰঙাজানত দুই হাৰগিলা চিকাৰী আটক - চৰাই চিকাৰীক আটক
গহপুৰৰ ৰঙাজান অঞ্চলৰ পৰা দুই হাৰগিলা চৰাই চিকাৰীক আটক কৰে গহপুৰ আৰক্ষীয়ে ৷ দুই চিকাৰীৰ নাম ক্ৰমে বিৰি লাংলিন আৰু সংগ্ৰাম বসুমতাৰী ৷
![গহপুৰ ৰঙাজানত দুই হাৰগিলা চিকাৰী আটক bird hunter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12166040-thumbnail-3x2-gsgs.jpg)
গহপুৰ ৰঙাজানত দুই হাৰগিলা চিকাৰীক আটক
গহপুৰ ৰঙাজানত দুই হাৰগিলা চিকাৰীক আটক
এই দুই চৰাই চিকাৰীয়ে হাৰগিলা চৰাই চিকাৰৰ বাবে আহিছিল ৷ দুই চিকাৰীৰ পৰা এটা এয়াৰ গান আৰু কেইবা জাঁই গুলী জব্দ কৰে গহপুৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ নিয়মীয়া তহলৰ সময়তে ৰঙাজান অঞ্চলৰ পৰা আটক কৰা হয় দুই চিকাৰীক ৷ ইফালে এটা মৃত হাৰগিলা চৰায়ো উদ্ধাৰ কৰে গহপুৰ আৰক্ষীয়ে ৷
লগতে পঢ়ক: কমলপুৰ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰেৰণ কৰিব পাৰিব অভিযোগ
Last Updated : Jun 17, 2021, 9:10 PM IST