বিশ্বনাথ, 8 আগষ্ট :বিহালী সমষ্টিৰ বৰগাঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শুকুৰবাৰে নিশা বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চাহপাত কঢ়িওৱা এখন দহচকীয়া ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ নিয়ন্ত্ৰণ হেৰুৱাই শুকানসুঁতি নদীৰ দলঙৰ তলত পৰিল দুৰ্ঘটনাত পতিত হোৱা বাহনখন ৷ এই দুৰ্ঘটনাৰ পাচৰে পৰা সন্ধানহীন হৈ আছে দুজন লোক ৷
প্ৰাপ্ত তথ্য অনুসৰি, বৰগাং কেন্দ্ৰৰ শুকানসুঁতি নদীৰ ওপৰত থকা আৰচিচি দলঙখনৰ নাছিল কোনো ৰেলিং ৷ যাৰ ফলত দুৰ্ঘটনাত পতিত হৈ ট্ৰাকখন পৰি যায় নদীত ৷ এই অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে ৷ দুৰ্ঘটনাগ্ৰস্ত এ এছ ০১ জে চি ১৯৪১ নং দহচকীয়া ট্ৰাকখন বিহালীৰ বেগতী চাহ ফেক্টৰীৰ পৰা ৬.৫০ কুইণ্টল চাহ লৈ গুৱাহাটী অভিমুখে আহি আছিল ৷
লগতে পঢ়ক:নগাঁৱত অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ