অসম

assam

ETV Bharat / state

বিশ্বনাথত কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি - 'কা' আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী আইনত পৰিণত হোৱাৰ এবছৰ সম্পূৰ্ণ ৷ এনএছইউআই গোটৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত 'কা' আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৷

tribute to five anti caa martyrs in biswanath
বিশ্বনাথত কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

By

Published : Dec 14, 2020, 7:29 AM IST

Updated : Dec 14, 2020, 9:11 AM IST

বিশ্বনাথ, 14 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিবাদৰ পাছতো বিধেয়কখন আইনত পৰিণত হোৱাৰ এবছৰ সম্পূৰ্ণ হ'ল ৷ ৰাজ্যজুৰি হোৱা এই আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা পাঁচ যুৱকক বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত এনএছইউআই গোটে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

এনএছইউআই গোটৰ উদ্যোগত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, বিগত এটা বছৰে বিধেয়ক খনক আইনত পৰিণত কৰাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷ ৰাজ্যজুৰি হোৱা এই আন্দোলনতে পাঁচগৰাকী অসমীয়া যুৱক ক্ৰমে দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমে আৰক্ষীৰ গুলীত মৃত্যবৰণ কৰিছিল ৷

উক্ত ঘটনাৰ এবছৰ সম্পূৰ্ণ হোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ গুলীত নিহত পাঁচ যুৱকক 'কা' আন্দোলনৰ শ্বহীদ হিচাপে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথতো বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত এনএছইউআই গোটৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ সঞ্জু বৰুৱা , প্ৰদেশ কংগ্ৰেছৰ বিশ্বনাথৰ জিলা সভাপতি দিলীপ বৰুৱাকে কংগ্ৰেছৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক:বিশ্বনাথত অসম জাতীয় পৰিষদৰ ৰণডংকা

Last Updated : Dec 14, 2020, 9:11 AM IST

ABOUT THE AUTHOR

...view details